/asomiyapratidin/media/media_files/2026/02/20/yhhhdd-2026-02-20-21-57-40.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ১০০ দিনৰ বাল্য বিবাহমুক্ত ভাৰত অভিযানৰ অধীনত অসমৰ এটা আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা আচাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট চমুকৈ এচিআৰডিৰ এক্সেছ টু জাষ্টিচ কাৰ্যসূচীৰ জৰিয়তে কামৰূপ মহানগৰ জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত আজি এক ৰথ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়।
এই ৰথ যাত্ৰাৰ আনুষ্ঠানিকভাৱে পতাকা উৰুৱাই শুভাৰম্ভ কৰে জিলা সমাজ কল্যাণ বিষয়া সন্তোষ কুটুমে। জনসাধাৰণক সচেতন কৰা, শিশুবিবাহ সন্দৰ্ভত প্ৰতিবেদন আৰু প্ৰতিৰোধ উৎসাহিত কৰা, লগতে ন্যায় প্ৰৱেশ আৰু সহায় সেৱাৰ জৰিয়তে শিশুসুৰক্ষামূলক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা এই ৰথযাত্ৰা আজি সোণাপুৰ, ডিমৰিয়া আৰু চন্দ্ৰপুৰ অঞ্চলৰ বিভিন্ন স্থানত বিদ্যালয়, গ্ৰাম পঞ্চায়ত, আৰক্ষী থানা, বজাৰ এলেকা আৰু বিভিন্ন সামুদায়িক স্থানত উপস্থিত হৈ জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰে।
প্ৰতিটো স্থানতে শিক্ষাৰ্থী, স্থানীয় নেতৃত্ব, ফ্ৰণ্টলাইন কৰ্মী আৰু সমুদায়ৰ লোকসকলৰ সৈতে বাল্যবিবাহৰ কু-প্ৰভাৱ, সংশ্লিষ্ট আইন-কানুন আৰু এই প্ৰথা ৰোধ কৰাত সমাজৰ সামূহিক দায়িত্ব সম্পৰ্কে আলোচনা কৰা হয়। লগতে শপত স্বাক্ষৰ সংগ্ৰহ কৰা হয় আৰু তথ্যভিত্তিক প্ৰচাৰ সামগ্ৰী বিতৰণ কৰি অভিযানৰ প্ৰতি ৰাইজৰ অংশগ্ৰহণ অধিক শক্তিশালী কৰে।
উল্লেখ্য যে আজিৰ উদ্বোধনী অনুষ্ঠানত জিলা সমাজ কল্যাণ বিভাগৰ বিষয়াসকল আৰু কৰ্মচাৰীসকলৰ লগতে জিলা শিশু সুৰক্ষা ইউনিট, চাইল্ড লাইন আৰু সমাজ কল্যাণ বিভাগৰ অন্যান্য সংশ্লিষ্ট দপ্তৰৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us