/asomiyapratidin/media/media_files/2025/08/27/1-2025-08-27-16-35-37.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত বৃহত্তৰ খেৰকটা,ডাংধৰা অঞ্চলত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ নামত দেখা গৈছে চূড়ান্ত এক প্ৰসহন। প্ৰধানতঃ সুচল পথ , নিয়মীয়া বিদ্যুৎ যোগান, স্বাস্থ্য সুৰক্ষা আদিৰ ক্ষেত্ৰত সীমাহীন নৰক যন্ত্ৰণাৰ সন্মুখীন হব লগা হৈ আহিছে বৃহত্তৰ অঞ্চলটোৰ নাগৰিক সমাজ ।
৯০ শতাংশ কৃষিজীৱী ৰাইজৰ বসতি প্ৰধান এই বৃহৎ গ্ৰামাঞ্চলিয় এলেকালৈ যাতায়তৰ এক সুচল আৰু সংকট মুক্ত ৰাজপথৰ ব্যৱস্থাই আজিও ঢুকি নাপালে। অঞ্চলবাসীৰ প্ৰধান পথ যোগাযোগৰ মাধ্যম ঢকুৱাখনা ব্লক চাৰি আলিৰ পৰা বলাইঘাট হৈ আমগুৰি সংযোগী পথ।
এই সদা ব্যস্ত লোকনিৰ্মাণ বিভাগৰ পথতো অতি নিম্ন মানেৰে নিৰ্মাণ কৰাৰ বাবে সম্প্ৰতি এক জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে। লোকনিৰ্মাণ পথ বিভাগৰ দায়িত্বহীনতাৰ বাবে বিভিন্ন অংশত উচন যোৱা পথটোৰ সমান্তৰাল ভাৱে আলিমুৰ ডাংধৰা তিনি আলিৰ পৰা আমগুৰি তিনি আলি সংযোগ হোৱা লোকনিৰ্মাণ বিভাগৰ পথটোৱেও লৈছে ভয়ংকৰ ৰূপ।
ভাগি ছিগি বহু অংশ উৱলি যোৱা এই বিপদাপন্ন পথেৰে যাতায়ত কৰি বহু পথচাৰী দুর্ঘটনাত পতিত হৈছে। বিপৰীতে এই দুই প্ৰধান বিভাগীয় জৰাজীৰ্ণ পথৰ পুনৰ নিৰ্মান কিম্বা মেৰামতিৰ কোনো আঁচনি গ্ৰহণ কৰা নাই বিধায়ক নব দলে অথবা ঢকুৱাখনা ক্ষেত্ৰীয় লোক নিৰ্মাণ পথ সংমণ্ডলে।
তাৰোপৰি বৃহত্তৰ গ্ৰামাঞ্চল এলেকাটোত বিদ্যুৎ যোগান ব্যৱস্থাতো নিয়মীয়া নহয় আৰু বিভাগীয় অৱহেলাৰ বাবে দীৰ্ঘ দিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ বাবে অবৰ্ণনীয় সমস্যাৰ সন্মুখীন হব লগা হয় গঞা ৰাইজ । লঘু উদ্যোগ আৰু শিক্ষাৰ্থী সকল বিস্তৰ ভাবে ক্ষতিগ্ৰস্ত হব লগা হয় এই অঞ্চলটোত ।
তদ্রুপ পঁয়া লগা অৱস্থা স্বাস্থ্য ,পশুপালন ও পশু চিকিৎসা আদি বিভিন্ন চৰকাৰী বিভাগৰ। চৰকাৰী সেৱাৰ প্ৰদানৰ নামত চূড়ান্ত হেতালি খেলি অহা বৃহত্তৰ খেৰকটা-ডাংধৰা অঞ্চলত সুদীর্ঘ দিন ধৰি অব্যাহত থকা এনে দায়িত্বহীনতা দেখি শুনি জানিও নিচ্ছুপ জনপ্ৰতিনিধিৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী।
চৰকাৰী পক্ষৰ এই বেতনভোগী সকলৰ দীৰ্ঘদিনীয়া অনীহা আৰু সোৰোপা ভূমিকাত অতিষ্ঠ হৈ তৎকালীন ভাবে এই অত্যাৱশ্যকীয় চৰকাৰী সেৱা সহজলভ্য কৰাৰ দাবী জনাইছে আঞ্চলিক ছাত্ৰ সন্থাই। খেৰকটা-ডাংধৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জগদীপ দলে আৰু সম্পাদক নয়ন নিৰ্বাৰণ নেওগে এই কৌটিকলিয়া অভাৱ সমস্যাৰ ক্ষীপ্ৰতাৰে দূৰীকৰণৰ দাবী জনায় ঢকুৱাখনা সমজিলা আয়ুক্ত সংস্কৃতি ছুমানিৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে।
এনেবোৰ চৰকাৰী সেৱা সহজলভ্য নোহোৱাৰ বাবে বৃহত্তৰ অঞ্চলবাসীয়ে ভোগ কৰি অহা জটিল সমস্যাৰ সন্দৰ্ভত অবলোকণ কৰি ছাত্ৰ সন্থাই শীঘ্ৰে অত্যাৱশ্যকীয় এই সেৱা সমূহ উপলব্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় দাবী পত্ৰ প্ৰদান কৰে ।
সমান্তৰালভাৱে ঢকুৱাখনা বিদ্যুৎ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাকো সাক্ষাৎ কৰি ছাত্ৰ সন্থাই সমগ্ৰ অঞ্চলটোত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ লগতে বিদ্যুৎ বিভাগৰ অভিযোগ গ্ৰহণ কৰা মোবাইল নম্বৰটো সদা সক্ৰিয় কৰি ৰখাৰ দাবী জনায়।
সন্থাই উত্থাপন কৰা ৰাজহুৱা স্বাৰ্থ জড়িত অভাৱ সমস্যা সমূহৰ প্ৰতি বিভাগ প্ৰশাসনে যথোচিত গুৰুত্ব আৰোপ কৰি সমাধান নকৰিলে ভুক্তভোগী ৰাইজৰ সহযোগিতাত ব্যাপক গণতান্ত্ৰিক আন্দোলনৰ পাতনি মেলিব বুলি ছাত্ৰ সন্থাই সকীয়াই দিছে ।