জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাকালীন শিক্ষয়িত্ৰী অনুৰাধা চেতিয়াৰ দেহাৱসান

ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সন্থা , ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া , অসম গণ পৰিষদৰ ঢকুৱাখনা সমষ্টি সমিতিৰ সম্পাদক সমুজ্জল চেতিয়া আদি বিভিন্ন ব্যক্তি সংগঠনে শিক্ষয়িত্ৰী গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 10.40.35 AM

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা সমজিলাৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয় । এইখন বিদ্যালয়ৰে ১৯৯৩ চনত প্ৰাণ প্ৰতিষ্ঠাপক শিক্ষাগুৰু অনুৰাধা চেতিয়াৰ দেহাৱসান ঘটে । ঢকুৱাখনা নগৰৰ আমোলাপট্টিৰ নিবাসী অনুৰাধা চেতিয়া। যোৱা ১ নৱেম্বৰত ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সৰলমনা , মিষ্টভাষী শিক্ষয়িত্ৰী চেতিয়াক । ইয়াৰ পাছতে  উন্নত চিকিৎসাৰ বাবে ১০ নৱেম্বৰত গুৱাহাটীৰ এপল' চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত চিকিৎসাধীন হৈছিল । ক্ৰমাৎ সুস্থ হোৱাৰ দিশে গতি কৰা চেতিয়াৰ আকস্মিক ভাবে  স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰৱৰ্তী সময়ত প্ৰায় ২-৪৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে । 

উল্লেখ্য যে, ১৯৯৩ চনৰ পৰা ২০১৩ চনলৈ বিনা বেতনে জ্ঞানোদয় হাইস্কুলত  জ্ঞানৰ গৰিমা বিলাই অহা চেতিয়াৰ ২০১৩ চনত বিদ্যালয়খনৰ পদ প্ৰাদেশিকৃত হোৱাৰ পাছত নিয়মীয়া শিক্ষক হিচাপে নিযুক্ত হৈছিল । বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ সামাজিক ভাৱে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা চেতিয়াৰ মৃত্যুৰ সময়ত বয়স প্ৰায় ৫২ বছৰ হৈছিল। স্বামী মনোজ বৰবৰা ,এটি কণমানি পুত্ৰ সহ অজস্ৰ আত্মীয় স্বজনক ইহ সংসাৰত এৰি যোৱা কষ্টসহিষ্ণু শিক্ষয়িত্ৰী চেতিয়াৰ আকস্মিক বিয়োগত মর্মাহত সমগ্ৰ অঞ্চলবাসীৰ লগতে বিদ্যালয়খনৰ পৰিয়াল । 

তাৰোপৰি  এগৰাকী সদাহাস্যমুখী সহকৰ্মী আৰু শিক্ষয়িত্ৰীৰ আকস্মিক মৃত্যুৰ খবৰ পাই শোকাৱহ বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ শইকীয়াৰ লগতে সহকৰ্মী ,কৰ্মচাৰী আৰু শিক্ষাৰ্থী সমাজ । বিদ্যালয়খনৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী গৰাকীৰ বিয়োগত বিদ্যালয় পৰিয়ালে অনুষ্ঠিত কৰে শোক সভা । প্ৰধান শিক্ষক শইকীয়া , বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জগ্যোৰাম পাচনী ,গৰিষ্ঠ সংখ্যক অভিভাৱক ,সমূহ শিক্ষক কৰ্মচাৰী আৰু বিদ্যাৰ্থী উপস্থিত থাকি অনুষ্ঠিত কৰা শোক সভাত চেতিয়াৰ স্মৃতি ৰোমন্থন কৰি বিদেহ আত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা  কৰে । পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনাও জ্ঞাপন কৰে । ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সন্থা , ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া , অসম গণ পৰিষদৰ ঢকুৱাখনা সমষ্টি সমিতিৰ সম্পাদক সমুজ্জল চেতিয়া আদি বিভিন্ন ব্যক্তি সংগঠনে শিক্ষয়িত্ৰী গৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰিছে ।

লখিমপুৰ