জ্যেষ্ঠ সাংবাদিক, সমাজহিতৈষী অতুল বৰুৱাৰ বিয়োগ

বৃহস্পতিবাৰে বৰুৱাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পৰৱৰ্তী সময়ত ভৰ্তি কৰোৱা হৈছিল আই চি ইউত। কিন্তু নিয়তিৰ পৰিহাস মানি চিকিৎসাধীন অৱস্থাতে স্বৰ্গগামী হয় সমাজপ্ৰাণ বৰুৱা

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা: লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ এগৰাকী সক্ৰিয় সদস্য ,ঘিলামৰা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি,জ্যেষ্ঠ সাংবাদিক ঘিলামৰাৰ অতুল বৰুৱা আৰু নাই। বিগত তিনিদিন ধৰি চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

বৃহস্পতিবাৰে বৰুৱাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পৰৱৰ্তী সময়ত ভৰ্তি কৰোৱা হৈছিল আই চি ইউত। কিন্তু নিয়তিৰ পৰিহাস মানি চিকিৎসাধীন অৱস্থাতে স্বৰ্গগামী হয় সমাজপ্ৰাণ বৰুৱা। ঘিলামৰা চিনাই গাঁওত জন্ম গ্ৰহণ কৰা বৰুৱাই দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিন, আমাৰ অসম আদি  কাকতত ঘিলামৰাৰ পৰা ধাৰাবাহিক সংবাদ সেৱা আগবঢ়াইছিল।

গোগামুখৰ ন গাঁওৰ নিগাজি বাসিন্দা হোৱা বৰুৱাই "অৰুনোদই লাইভ" পৰ্টেলৰ জৰিয়তেও নিষ্ঠাবান সংবাদ সেৱা আগবঢ়াই গৈছে । ঘিলামৰাৰ সংবাদসেৱী সকলৰ সামাজিক নিৰাপত্তা আৰু স্থায়ী পৰিচয় প্ৰদানৰ লক্ষ্যৰে বৰুৱাই ঘিলামৰা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আমৃত্যু সভাপতিৰ আসন অলংকৃত কৰি গৈছে । ঘিলামৰাৰ বিভিন্ন সামাজিক সংগঠনৰ এগৰাকী অগ্ৰণী  যোদ্ধা বৰুৱাই ঘিলামৰাৰ শংকৰদেৱ শিশু নিকেতনতো শিক্ষকতাৰ সেৱা কৰি গৈছিল । 

লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন উপ সভাপতি , মাণ্ডলিক  সম্পাদক হিচাবে নিষ্ঠাবান  সাংগঠনিক সেৱা প্ৰদান কৰি যোৱা বৰুৱাই লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, ঘিলামৰা শাখা  সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, অসম সাহিত্য সভাৰ ৭৭তম লখিমপুৰ অধিবেশনৰ প্ৰচাৰ সম্পাদক, ঘিলামৰাৰ কাব্য অনুষ্ঠান কঢ়া পাৰৰ মালিতাৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে ঘিলামৰাৰ পৰা প্ৰকাশ পাব লগীয়া পষেকীয়া ই-বাতৰি কাকতখনৰ মূখ্য সম্পাদকৰো দায়িত্ব কান্ধ পাতি লৈছিল। বৰুৱা সঁফুৰা বৃত্তি পৰীক্ষাৰ সমন্বয়কৰো দায়িত্বত আছিল ।

ঘিলামৰাৰ সমাজ জীৱনৰ সতে অংগাংগী ভাবে  আমৃত্যু জড়িত বৰুৱাৰ আকস্মিক বিয়োগৰ খবৰে শোকৰ বন্যা প্ৰবাহিত কৰিছে ঢকুৱাখনা ,ঘিলামৰা আৰু গোগামুখত । পত্নী ,এটি পুত্ৰ আৰু অজস্ৰ গুণমুগ্ধ, ইষ্ট কুটুম্বক ইস সংসাৰত এৰি যোৱা সৰবৰহী ব্যক্তি বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় ৫৫ বছৰ । 

বৰুৱাৰ বিয়োগত অসম বার্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি আৰু সম্পাদক মুকুটৰাজ শৰ্মা , উত্তৰ পূব মণ্ডলৰ সম্পাদক জগত বৰা , লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি কুমুদ বৰুৱা ,কাৰ্যকৰী সভাপতি অমৃত পৱন বৰা , ঘিলামৰা প্ৰেছ ক্লাব ,বগীনদী প্ৰেছ ক্লাব , নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব , হাৰমতী প্ৰেছ ক্লাৱ , বিহপুৰীয়া প্ৰেছ ক্লাব , নাৰায়ণপূৰ প্ৰেছ ক্লাৱ , বান্দৰদেৱা প্ৰেছ ক্লাব , ঢলপুৰ প্ৰেছ ক্লাব ,শিমলুগুৰি প্ৰেছ ক্লাব ,ভোগপুৰ প্ৰেছ ক্লাব , ঘিলামৰাৰ ইংগিত নাট্য গোষ্ঠী , ঘিলামৰা উন্নয়ন সমিতি , প্ৰগতি ইংৰাজী মাধ্যম বিদ্যালয় পৰিয়াল ,কঢ়া পাৰৰ মালিতা কাব্য গোষ্ঠী , ঘিলামৰা শাখা সাহিত্য সভা ,ঘিলামৰা জিলা পৰিষদৰ সদস্য ছন্দেশ্বৰ গগৈ , অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি আনন্দ নৰহ , ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া , ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল চুতীয়া, ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ হাজৰিকা, অসম গণ পৰিষদৰ ঢকুৱাখনা সমষ্টি সমিতিৰ সম্পাদক সমুজ্জল চেতিয়া আদি বিভিন্ন ব্যক্তি ,দল সংগঠনে বৰুৱাৰ বিয়োগত মর্মাহত হৈ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । 

লখিমপুৰ