/asomiyapratidin/media/media_files/2025/06/17/xaDLclkayuhD6sSkLqr4.jpg)
ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ সদ্য বিদায়ী জিলা আয়ুক্ত দেৱাশীষ শৰ্মা চাকৰি সূত্ৰে নগাঁও জিলালৈ বদলিকৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ জিলা খনতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও ব্যক্তি সংগঠনে ৰাজহুৱা সম্বৰ্ধনা জনাই শ্ৰদ্ধা প্ৰদৰ্শন কৰে।"সমাজ বন্ধু" বটা প্ৰাপক মানৱ দৰদী বিষয়া গৰাকীক বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ্যে কালি পবিতৰাৰ " জিজিনা অ'টিছ ৰিজ'ৰ্ট "টো গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মায়ং বাসী ৰাইজৰ উদ্যোগত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়।
মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ সম্পাদক ড০ উৎপল নাথে আঁত ধৰা সম্বৰ্ধনা সভাখনত সমূহ মায়ং বাসী ৰাইজৰ হৈ প্ৰথমে ঐতিহাসিক মায়ং ৰাজ্যৰ পৰম্পৰাগত ৰজা তৰণী কান্ত সিংহই সুদক্ষ প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাৰ সুবিশাল ব্যক্তিত্বৰ গুণানুকীৰ্তন কৰি দুআষাৰ ব্যক্তব্য আগবঢ়ায়। সভাত উপস্থিত থাকি মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ঙ্কা গগৈ, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব কুমাৰ ঠাকুৰীয়া, অসম উন্নতি সভা সাধাৰণ সম্পাদক অতনু কুমাৰ শৰ্মাইও ব্যক্তব্য আগবঢ়ায় আৰু সৰ্বস্তৰৰ ৰাইজৰ মাজতে প্ৰচুৰ জনপ্ৰিয়তা থকা এগৰাকী সৎ, কৰ্ম দক্ষ আৰু মানৱ দৰদী জিলা আয়ুক্ত হিচাপে বিষয়া গৰাকীৰ ব্যক্তিত্বৰ বিভিন্ন দিশ আলোকপাত কৰে।
ঐতিহাসিক মায়ং ৰাজ্যৰ পৰম্পৰাগত ৰজাদেৱে এখনি চেলেঙেৰে বিদায়ী জিলা আয়ুক্ত গৰাকীক সম্বৰ্ধনা জনোৱাৰ পাছতে পৰ্যায়ক্ৰমে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱৰ পৰিয়াল বৰ্গ, মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ, মায়ং আঞ্চলিক ক্ৰীড়া সংস্থা, মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ মাধ্যমিক বিদ্যালয়, মধ্য মায়ং মাধ্যমিক বিদ্যালয়, পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ, পবিতৰা জীপ চাফাৰী এছ'চিয়েশ্যন, মায়ং-পবিতৰা টুৰিষ্ট গাইড এছ'চিয়েশ্যন, মায়ং আঞ্চলিক মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলন, মায়ং আঞ্চলিক বিহু সুৰক্ষা সমিতি, মায়ং শাখা সাহিত্য সভা, মায়ং শাখা কবি সন্মিলন, ৰজামায়ং গাঁও উন্নয়ন সমিতি, বুঢ়ামায়ং গাঁও উন্নয়ন সমিতি, হাতীমুৰীয়া গাওঁ উন্নয়ন সমিতি, বৰপাক গাঁৱৰ যুৱক সমাজ, ৰজামায়ং মাজখেলৰ যুৰীয়া নামঘৰ সমিতি, সোনতলি কৃষক উন্নয়ন সমিতি, ৰজামায়ং ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, মায়ং সৰ্বজনীন গোসাঁই উলিওৱা উৎসৱ উদযাপন সমিতি, পবিতৰা ইক'টুৰিজিম ডেভেল'পমেন্ট চ'ছাইটি, জিজিনা অ'টিছ ৰিজ'ৰ্টকে ধৰি স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা পত্ৰ, গামোচা, চেলেং, কিতাপ-কলম, প্ৰতীকী গড়ঁ ইত্যাদি স্মাৰক প্ৰদানেৰে বিষয়া গৰাকীক উস্ম সম্বৰ্ধনা জনায়।
সভাত উপস্থিত থকা অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, শিক্ষক,গৱেষক ,সাহিত্য সেৱী, প্ৰকৃতি কৰ্মী, আগশাৰীৰ সমাজ কৰ্মী আদি যথাক্ৰমে তিলক হাজৰিকা, লোকেন্দ্ৰ হাজৰিকা, প্ৰফুল্ল কুমাৰ দাস, দিপন কাঠাৰ, মুকুল তামুলী, মিহিৰ হাজৰিকা, ৰাজেন শইকীয়া, মুকুট বিষয়া, প্ৰাঞ্জল বৰুৱা, ৰাজেন নাথ, এধান ৰবীন কুমাৰ কলিতা, ৰেজা আহমেদ, ৰেণু প্ৰভা লস্কৰ মেধি, পদ্মেশ্বৰ নাথ, মনোজ কুমাৰ নাথ, ৰমেন ডেকা, দিলীপ কুমাৰ নাথ, মধুৰাম নাথ, ভুপেন নাথ, সদানন্দ নাথ, দিলীপ শইকীয়া, প্ৰতাপ ডেকা, বীৰেশ্বৰ কেলেং, পুলেন ৰহাং, প্ৰসন্ন ডেকা, নজৰুল ইছলাম, হৰিপ্ৰসাদ মল্লিক, বিপুল ডেকা, মনি পাণ্ডে, শৈলেন নাথ, নৱ ৰাজন, কহিনুৰ নাথ, চম্পক ডেকা, নিৰ্মল শইকীয়া, মনিৰত্নম ডেকা, দিপাঙ্কৰ কলিতা, ৰূপেশ্বৰ তিমুং, মঞ্জু প্ৰভা দেৱী, চিনু প্ৰভা দেৱী, বিনোদ সিং, ৰামানন্দ বিশ্বাস আদিয়েও একোখনকৈ ফুলাম গামোচাৰে জনপ্ৰিয় জিলা আয়ুক্ত গৰাকীলৈ শ্ৰদ্ধা আৰু সন্মান নিবেদন কৰে।
ইয়াৰ পাছতে বিদায়ী জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে মায়ং খনক তেওঁ আৰম্ভণিৰে পৰা নিজৰ দ্বিতীয় খন ঘৰ বুলিয়ে ভাবি আহিছে আৰু সেয়ে মায়ঙৰ সৈতে তেওঁৰ সম্পৰ্ক চিৰদিনলৈ থাকিব। এনেকৈ নভৱা হেতেঁন, তেওঁ হয়তো আজি মায়ঙীয়া ৰাইজৰ মৰমক নেউচী কান্দি কান্দিহে বিদায় ল'ব লাগিল হেতেঁন। মায়ঙীয়া ৰাইজৰ পৰা পোৱা এই মৰম আৰু আশীৰ্বাদ তেওঁৰ সদায়ে মনত থাকিব বুলি কৈ জিলা আয়ুক্ত হিচাপে বিগত প্ৰায় তিনি বছৰীয়া কাৰ্যকালত অজানিতে যদি তেওঁৰ কিবা ভুল-ক্ৰুতি হৈছে তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে।
ইয়াৰ পাছতে প্ৰায় ডেৰ শতাধিক স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত তেওঁ নিজৰ পৰিকল্পনাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্মিত "মায়ং: দ্যা ভিলেজ অৱ মেজিক" শীৰ্ষক তথ্যচিত্ৰ এখন মায়ঙীয়া ৰাইজলৈ উপহাৰ হিচাপে আগবঢ়ায়। মায়ঙৰ যাদুকৰী ঐতিহ্য সংস্কৃতিৰ ওপৰত নিৰ্মিত উল্লেখিত তথ্যচিত্ৰ খনি উপস্থিত সকলো ৰাইজে প্ৰাণ ভৰি উপভোগ কৰাৰ পাছত তেওঁ কয় যে এই তথ্যচিত্ৰ খনিত আৰু কিছু কথা সংযোগ-বিয়োগ কৰি অনতি পলমে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰা হ'ব। তথ্যচিত্ৰ খনিয়ে মায়ং-পবিতৰা তথা মৰিগাঁৱৰ পৰ্যটন খণ্ডৰ উত্তৰণত ভৱিষ্যতে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ইয়াৰ পাছতে আয়োজক বৃন্দৰ হৈ ড০ উৎপল নাথে উপস্থিত সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায় আৰু অনুষ্ঠানৰ সামৰণি পৰে।