/asomiyapratidin/media/media_files/2026/02/11/ujjjdd-2026-02-11-11-15-11.jpg)
ডিজিটেল সংবাদ, মায়ংঃ চকুৰ পলকতে গছ পাতক মাছ বনোৱা,চাউলক চিৰা বনোৱা মায়ঙৰ যাদুকৰ ৰনেন্দ্ৰ আৰু নাই। কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় যাদু শিল্পী গৰাকীৰ। আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি ৰজা মায়ঙৰ ঘৰলৈ লৈ অনা হ'ব ৰনেন্দ্ৰৰ মৃতদেহ।
মায়ঙৰ চনকাত যাদু দেখুৱাই ঘৰলৈ উভতিবৰ সময়ত এক বাইক দুৰ্ঘটনাত পতিত হৈ এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল। ৪৩ বছৰ বয়সত যাদু শিল্পী গৰাকীৰ মৃত্যুৰ খৱৰে মায়ঙত শোকৰ ছা পৰে। ৰনেন্দ্ৰ কেৱল যাদু শিল্পীয়েই নাছিল, কৌতুক অভিনয়,সংগীত চৰ্চা আদিও সমানেই চলাই নিছিল।
দেশ বিদেশৰ অগনন পৰ্যটকক নিজৰ যাদু কলাৰে মনোৰঞ্জন দিব পাৰিছিল ৰনেন্দ্ৰ নাথে। যোৱা দুটা দশকত মায়ঙৰ পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছিল ৰনেন্দ্ৰ। ৰনেন্দ্ৰৰ ৰজা মায়ঙৰ ঘৰত প্ৰায় প্ৰতিদিনেই ভিৰ কৰিছিল দেশ বিদেশৰ পৰ্যটকে।
পবিতৰাৰ নিকটৱৰ্তী প্ৰতিখন নামি দামী ৰিজ'ৰ্টত ৰনেন্দ্ৰৰ যাদু চাই অভিভূত হৈ পৰিছিল পৰ্যটক সকল। চাৰি ভাই ককাইৰ ভিতৰত তিনি নম্বৰ জন আছিল ৰনেন্দ্ৰ। মৃত্যুৰ সময়ত পত্নী আৰু পুত্ৰ কন্যা দুটাক এৰি থৈ যায়। ৰনেন্দ্ৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড0 উৎপল নাথৰ কনিষ্ঠ ভাতৃ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us