ঘুনুচা প্ৰাথমিক বিদ্যালয় শিক্ষয়িত্ৰী সুদীপ্তা মহন্ত স্মাৰক দবাখেলৰ কৰ্মশালা

 কৰ্মশালা উদ্বোধন কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পঢ়াৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ আহ্বান জনায়। আনহাতে কৰ্মশালাৰ আৰম্ভণিতে সদ্যপ্ৰয়াত শিক্ষয়িত্ৰী সুদীপ্তা মহন্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নাট্যকাৰ- পৰিচালক অবিনাশ মহন্তই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, জাগীৰোডঃ  জাগীৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ দবাখেলৰ কৰ্মশালা অনুষ্ঠিত হৈছে। শিক্ষয়িত্ৰী সুদীপ্তা মহন্ত স্মাৰক কৰ্মশালাখন উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা দেওশাল জিলা পৰিষদ সমষ্টিৰ সদস্যা দীপা দাসে।

Advertisment

 কৰ্মশালা উদ্বোধন কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পঢ়াৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ আহ্বান জনায়। আনহাতে কৰ্মশালাৰ আৰম্ভণিতে সদ্যপ্ৰয়াত শিক্ষয়িত্ৰী সুদীপ্তা মহন্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নাট্যকাৰ- পৰিচালক অবিনাশ মহন্তই। কৰ্মশালাখনত প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে শিক্ষক তথা দবা খেলুৱৈ ভবেশ ঠাকুৰীয়া, মৃদুল বৰগোহাঁই আৰু হিম শিখৰ দাসে।

কৰ্মশালা উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী শিৱ দে' , বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মালা বৰা তামুলী, সহকাৰী শিক্ষয়িত্ৰীত্ৰয় পূৰৱী কোঁৱৰ,জুতিকা কলিতা,ৰীতামণি দাস,শিক্ষক গৌৰাংগ দাস, পৰিচালনা সমিতিৰ উপ-সভাপতি উপানন্দ সৰকাৰ, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদিকা চয়নিকা শইকীয়া, সহকাৰী সম্পাদিকা জবা ৰয়ৰ লগতে অভিভাৱক সকল উপস্থিত থাকে।বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সহযোগত অনুষ্ঠিত কৰ্মশালাত  অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

জাগীৰোড