গ্ৰীষ্মকালীন খোলবাদ্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান

ন-শিকাৰুসকলৰ দ্বাৰা পৰিৱেশিত গুৰুঘাটেৰে সভাৰ কাম আৰম্ভ কৰা হয়। উদ্দেশ্য ব্যাখ্যা কৰি কৰ্মশালাৰ পৰিচালক প্ৰফুল্ল চন্দ্ৰ কলিতাই নামপানীগাঁৱৰ বায়নসকলৰ ইতিহাস চমুকৈ দাঙি ধৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল সংবাদ , নগাঁও:  পুৰনিগুদাম নামপানীগাঁও নামঘৰত ১০জুলাইৰ পৰা অনুষ্ঠিত গ্ৰীষ্মকালীন খোলবাদ্যৰ কৰ্মশালাখনিৰ দেওঁবাৰে সফল সামৰনি পৰে। সেই উদ্দেশ্যে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে স্থানীয় শ্ৰীশ্ৰী লাইআটি সত্ৰৰ সত্ৰাধিকাৰ যুগলচন্দ্ৰ দেৱগোস্বামীয়ে।

Advertisment

ন-শিকাৰুসকলৰ দ্বাৰা পৰিৱেশিত গুৰুঘাটেৰে সভাৰ কাম আৰম্ভ কৰা হয়। উদ্দেশ্য ব্যাখ্যা কৰি কৰ্মশালাৰ পৰিচালক প্ৰফুল্ল চন্দ্ৰ কলিতাই নামপানীগাঁৱৰ বায়নসকলৰ ইতিহাস চমুকৈ দাঙি ধৰে। অফলীয়া বায়ন খ্যাত প্ৰয়াত লক্ষীৰাম কলিতা বৰবায়নৰ পৰা প্ৰয়াত অকণমান বায়নৰ যোগেদি বায়ন বিদ্যা গ্ৰহণ কৰা স্বৰ্গীয় ধনিৰাম শইকীয়া, দূৰ্লভ শইকীয়া, মলোৰাম শইকীয়া আদি স্বৰ্গগত বায়নসকলক শ্ৰদ্ধাৰে সোঁৱৰে।

সভাপতি গোস্বামীয়ে গাঁৱৰ ৰাইজৰ এই আশাশুধীয়া প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে। বিশিষ্ট অতিথিৰ ভাষণত লেতুগ্ৰামসত্ৰৰ সত্ৰাধিকাৰ প্ৰভু কৃষ্ণ গোস্বামীয়ে কৰ্মশালাৰ ইমান কমদিনৰ ভিতৰত শিশুসকলৰ হস্তচালন আৰু পদচালন দেখি সন্তোষ প্ৰকাশ কৰি সাম্প্ৰতিক খোলবাদ্যৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহে গাঁওখনৰ সুনাম অক্ষুন্ন ৰাখিব বুলি মতপ্ৰকাশ কৰে।

আনগৰাকী বিশিষ্ট অতিথি শিল্পীপেঞ্চনাৰ  মহেন্দ্ৰ বৰাই নামপানীগাঁৱৰ লগত তেখেতৰ পুৰণি সম্পৰ্কৰ কথা সুঁৱৰি চিত্ৰশিল্পী আৰু বায়ন প্ৰয়াত মহেশ্বৰ বৰাৰ কথা উল্লেখ কৰে। ন-শিকাৰু প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষক  কল্পজ্যোতি কলিতাৰ সহযোগত হস্তচালন, বহাচাহিনী, উঠাচাহিনী আদিৰ প্ৰদৰ্শন কৰে। সদৌশেষত পদুম শইকীয়াৰ তত্ত্বাৱধানত অপৰাধৰ ঘোষাৰে সভাৰ কাৰ্য্য সমাপন হয়।

নগাঁও