পৰাণ কুমাৰ বৰুৱাৰ মৃত্যুত জিলা সাহিত্য সভাৰ ৩ দিন জোৰা শোক প্ৰকাশ

মাইকেল মধুসূদন বঁটা লাভ কৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বৰুৱাৰ মৃত্যুত জিলা সাহিত্য সভাৰ লগতে শাখা সাহিত্য সভা সমূহে অসম সাহিত্য সভাৰ পতাকা তিনি দিনৰ বাবে অৰ্ধনমিত কৰে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাঁওঃ  নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী আৰু সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক পেঞ্চনাৰ পৰাণ কুমাৰ বৰুৱাৰ মৃত্যুত অসমীয়া সাহিত্যৰ  নিষ্ঠাবান এগৰাকী সাধকৰ মৃত্যু হ'ল বুলি অভিহিত কৰে। এয়া জিলা খনৰ লগতে সাহিত্য জগত খনৰ বাবে ডাঙৰ ক্ষতি বুলি মন্তব্য কৰে।

৬৬ বছৰীয়া সাহিত্যিক বৰুৱাই মৃত্যুৰ সময়ত মাতৃ,পত্নী,এগৰাকী পুত্ৰ এৰি থৈ গৈছে। স্কুলীয়া জীৱনৰ পৰা সাহিত্য সাধনা আৰম্ভ কৰা বৰুৱাই প্ৰায় ১৯ খন প্ৰৱন্ধ সংকলন,২ খন কাব্য পুথি,৬ খন সম্পাদিত প্ৰৱন্ধ সংকলন,৩ খন অনুবাদ কাব্য গ্ৰন্থ  প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে বুলি জিলা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকে কয়।

মাইকেল মধুসূদন বঁটা লাভ কৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বৰুৱাৰ মৃত্যুত জিলা সাহিত্য সভাৰ লগতে শাখা সাহিত্য সভা সমূহে অসম সাহিত্য সভাৰ পতাকা তিনি দিনৰ বাবে অৰ্ধনমিত কৰে। পুৱা বৰুৱাৰ মৃতদেহ শোভাযাত্ৰা কৰি জিলা সাহিত্য সভাৰ কাৰ্যালয়লৈ অনা হয় আৰু  সাহিত্য সভাৰ বিষ়ববীয়াসকলে আনুষ্ঠানিক ভাৱে শেষ শ্ৰদ্ধা নিবেদন কৰে।

নগাঁও