উৰিয়াগাঁৱৰ সুন্দৰম নাট্য গোষ্ঠীৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁও জিলাৰ উৰিয়াগাঁৱৰ সুন্দৰম নাট্য গোষ্ঠীৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে উৰিয়াগাঁৱৰ সুন্দৰম নাট্য গোষ্ঠীৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-17 at 7.07.13 PM

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁৱৰ সুন্দৰম নাট্য গোষ্ঠীৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে উৰিয়াগাঁৱৰ সুন্দৰম নাট্য গোষ্ঠীৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সুন্দৰম নাট্য গোষ্ঠীৰ সভাপতি দেৱানন্দ গোস্বামীয়ে।

প্ৰতিষ্ঠা দিৱসৰ সমান্তৰালভাৱে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ৭৬ সংখ্যক শিল্পী দিৱসটি পালন কৰা হয়। কাৰ্যসূচী অনুসৰি শিল্পী জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ  কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সুন্দৰম নাট্য গোষ্ঠীৰ প্ৰাক্তন সভাপতি কমলাকান্ত বৰাই।

সুন্দৰম নাট্যগোষ্ঠীৰ সাধাৰণ সম্পাদক কমলেশ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি সত্যপ্ৰসাদ শৰ্মা,প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক পুতুল শৰ্মাই সুন্দৰম নাট্য গোষ্ঠীৰ ইতিহাস সামৰি ভাষণ প্ৰদান কৰাৰ লগতে গোষ্ঠীটোৰ উত্তৰোত্তৰ কামনা কৰে। ইয়াৰ পিছতে সুন্দৰমৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

সভাত সুন্দৰম নাট্যগোষ্ঠীৰ সামগ্ৰিক উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন দিশ সামৰি বিশদভাৱে আলোচনা কৰাৰ লগতে সভাত অঞ্চলটোৰ যুৱ প্ৰজন্মক ইয়াৰ লগত সক্ৰিয়ভাৱে জড়িত কৰি আগন্তক দিনত নাট্যানুষ্ঠানটোৰ সাংগঠনিক দিশ শক্তিশালী ৰূপে গঢ়ি তোলাৰ পোষকতা কৰা হয়। সভাত গোষ্ঠীটোৰ পুৰণি সমিতিখন ভংগ কৰি পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে সৰ্বসন্মতিক্রমে অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক গুণ শইকীয়া,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমলাকান্ত বৰা,জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত,শিল্পী তথা লেখক গোলাপ বৰাক উপদেষ্টা,পিতাম্বৰ শইকীয়াক সভাপতি,প্ৰফুল্ল হাজৰিকা,পদুম বৰুৱাক উপ সভাপতি,কমলেশ শইকীয়াক সম্পাদক,জিতুমনি বৰা,জয়ন্ত বৰাক সহ: সম্পাদক হিচাপে লৈ সুন্দৰমৰ নতুন সমিতিখন গঠন কৰা হয়।

সভাত নাট্যকৰ্মী দিলীপ কুমাৰ বৰা,চন্দ্ৰ হাজৰিকা,প্ৰফুল্ল হাজৰিকা,যুগল শইকীয়া,চিদানন্দ দেৱ গোস্বামী, ফণীন্দ্ৰ শৰ্মা,জয়ন্ত গোস্বামী,ৰাজেন ফুকন,প্ৰাঞ্জল হাজৰিকা,মানিক বৰা,ৰানা বৰা,নিপুল বৰা,ভাৰ্গৱ শইকীয়া আদি উপস্থিত থাকে।সন্ধ্যা ৪৪ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিল্পী তথা লেখক গোলাপ বৰাই।

উৰিয়াগাঁও নগাঁও