/asomiyapratidin/media/media_files/2025/04/22/AzAujGB5HvArbkctGSqp.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কচুৱাৰ শ্বেখ আহমদ আলী গাৰ্লচ একাডেমী এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান। ক্বাৰী খলিলুৰ ৰহমানৰ তত্বাৱধানত চলা বিদ্যালয়খনে ইংৰাজী আৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ লগতে ইছলামীক দ্বিনী শিক্ষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছে।
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে অৰ্জন কৰা ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ ও সম্বৰ্ধনা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক চামচুল হক চৌধুৰী,শিক্ষক আলী আকবৰ, ক্বাৰী খলিলুৰ ৰহমান লগতে শিক্ষানুষ্ঠান খনৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰী সকল উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত উচ্চতৰ মাধ্যমক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতি গৰাকী ছাত্ৰীক একোখনকৈ গামোচা আৰু মানপত্ৰ আগবঢ়োৱা হয়।