মহাদেৱক আৰাধনা কৰিবলৈ মন্দিৰে মন্দিৰে ভক্তৰ দীঘলীয়া শাৰী

আজি মহা শিৱৰাত্ৰি। আজি বিয়লিৰ পৰা কাইলৈ ​​অৰ্থাৎ সোমবাৰলৈকে শিৱ চতুৰ্দশী থাকিব ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-15 at 3.30.15 PM

ডিজিটেল ডেস্কঃ ভগৱান শিৱক দেৱতাৰ দেৱ বুলি গণ্য কৰা হয় । সেয়ে ভগৱান শিৱক দেৱাদিদেৱ মহাদেৱ বুলি কোৱা হয়। আজি মহা শিৱৰাত্ৰি।আজি বিয়লিৰ পৰা কাইলৈ ​​অৰ্থাৎ সোমবাৰলৈকে শিৱ চতুৰ্দশী থাকিব । মহা শিৱৰাত্ৰি উপলক্ষে দেশ-বিদেশৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। 

ইয়াৰ সমান্তৰালভাৱে নগাঁৱৰ ভেৰভেৰীৰ ১২৬ফুট উচ্চতাৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰতো অজস্ৰ ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। যদিও আজি বিয়লি ভাগৰ পৰা মহশিৱৰাত্ৰিৰ ক্ষণ মিলিছে। তথাপিও মহামৃত্যুঞ্জয় মন্দিৰত পুৱাৰ ভাগৰে পৰা দেখিবলৈ পোৱা গৈছে অজস্ৰ ভক্তৰ ভিৰ।

নগাওঁ