নগাঁৱৰ গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁৱৰ গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। একেটা দিশত আহি থকা অৱস্থাত এখন মালবাহী ট্ৰাক আৰু এখন i10 বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল ডেস্কঃ নগাঁৱৰ গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। একেটা দিশত আহি থকা অৱস্থাত এখন মালবাহী ট্ৰাক আৰু এখন i10 বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো। একেটা দিশতে অহা মালবাহী ট্ৰাক খনে i 10 বাহন খনক খুন্দিয়াই দ্বিভাইডাৰৰ ওপৰত উঠাই দিয়ে।

উল্লেখ্য যে, ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে i 10 ত অহা আৰোহীজন। ইপিনে ট্ৰাকচালকজনে এখন ডাম্পাৰৰ ভুলৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS09C4517 আৰু i10 খনৰ নম্বৰ AS02R7004 বুলি জানিব পৰা গৈছে। 

পথ দুৰ্ঘটনা নগাওঁ