বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ ভোগেশ্বৰ বৰাৰ দেহাৱসান...

ইংৰাজী বিষয় শিক্ষক হিচাপে শিক্ষকতা কৰি পাছত চৰকাৰী মোটা অংকৰ দৰমহা ত্যাগ কৰি ১৯৮৯ চনত নিজৰ গাঠিৰ ধন ভাঙি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ , বটদ্ৰৱাঃ   বটদ্ৰৱা নৰোৱা সত্র নিৱাসী বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ভোগেশ্বৰ বৰাৰ আজি নিশা নিজ বাসগৃহত বিয়োগ ঘটে।

৭২ বছৰীয়া বৰা আজি এসপ্তাহ পূৰ্বে উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ পৰিছিল। লগে লগে পৰিয়ালৰ লোকে তেখেতক নগাঁও, গুৱাহাটী আদি বিভিন্ন ঠাইত চিকিৎসা কৰিছিল যদিও আজি কিছুসময় পূৰ্বে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।

বটদ্ৰৱা থানৰ প্ৰয়াত নামলগোৱা পুনিৰাম কেওতৰ সৰু পুত্ৰ ভোগেশ্বৰ বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি লংকা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল।

 পৰবৰ্তী কালত বটদ্ৰৱাৰ ৰাইজৰ আহ্বানত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী বিষয় শিক্ষক হিচাপে শিক্ষকতা কৰি পাছত চৰকাৰী মোটা অংকৰ দৰমহা ত্যাগ কৰি ১৯৮৯ চনত নিজৰ গাঠিৰ ধন ভাঙি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল।

 উল্লেখ্য যে, ২০১৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পাছত মহাবিদ্যালয়ৰ খন প্ৰাদেশিকীকৰণৰ হয়। ইফালে তেওঁ ২০০০ চনৰ পৰা ২০০৬ চনলৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি সেৱা আগবঢ়াইছিল।

ভোগেশ্বৰ বৰাৰ বিয়োগত বিধায়ক ৰূপক শৰ্মা, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নমিতা কলিতা, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিৰামনি বৰুৱা, বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি ড০ নৰেন কলিতা, বটদ্ৰৱা নাগৰিক মঞ্চ, বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৄ সকলকে আদি কৰি বিভিন্নঅনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী পুস্পলতা ভৰালী বৰা, পুত্ৰ শান্তনু নন্দন বৰা, বোৱাৰী, এগৰাকী জীয়ৰী, জোৱাই, নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা