নগাঁৱৰ ৰে'ল ষ্টেচনত দুটাকৈ মৃতদেহ উদ্ধাৰ

নগাঁৱৰ ৰে'ল ষ্টেচনত সংঘটিত হৈছে তীব্ৰ চাঞ্চল্য। নগাঁৱৰ ৰে'ল ষ্টেচনত দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ নগাঁৱৰ ৰে'ল ষ্টেচনত সংঘটিত হৈছে তীব্ৰ চাঞ্চল্য। নগাঁৱৰ ৰে'ল ষ্টেচনত দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পুৱা এজন অচিনাক্ত লোকৰ মৃতদেহ ৰে'ল আৰক্ষীয়ে টিকট কাউণ্টাৰৰ ওচৰত উদ্ধাৰ কৰে। তাৰ কিছুসময় পাছতে ষ্টেচনটোৰ ১০০ মিটাৰ নিলগত আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। 

উল্লেখ্য যে, আৰক্ষীয়ে জানিবলৈ দিয়া মতে মহিলাগৰাকী উজনি মোৱা শিলঘাট চেন্নাই টাম্বৰৰম ৰে'লখনৰ পৰা পুৱা ষ্টেচনত নামিছিল। তাৰ পাছত এই ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ  সৃষ্টি হৈছে। ইপিনে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। 

নগাওঁ