নগাঁও বিশ্ববিদ্যালয়ত ‘আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম বুদ্ধিমত্তা’ শীৰ্ষক সন্মিলন সম্পন্ন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰম্ভ হোৱা কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন, ২০২৬ ৰ লগত সংগতি ৰাখি নগাঁও বিশ্ববিদ্যালয়ত 'কৃত্ৰিম বুদ্ধিমত্তা’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-26 at 7.10.24 PM

ডিজিটেল সংবাদ,নগাওঁঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰম্ভ হোৱা কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন, ২০২৬ ৰ লগত সংগতি ৰাখি নগাঁও বিশ্ববিদ্যালয়ত আমেৰিকা, কানাডা আদি বিভিন্ন দেশৰ AIৰ  বিশেষজ্ঞ, বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষাবিদৰ অংশগ্ৰহণেৰে এখন 'কৃত্ৰিম বুদ্ধিমত্তা’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়। এদিনীয়াকৈ আয়োজিত এই সন্মিলনত নগাঁও বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অনলাইনযোগে আয়োজিত এই সন্মিলনত সমল ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে।

নগাঁও বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ পৰীক্ষিত গগৈয়ে আঁত ধৰা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাই আদৰণী ভাষণ প্ৰদান কৰা সন্মিলনখনিত কৃত্ৰিম বুদ্ধিমত্তাই চিকিৎসাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন আনিব বুলি নৰ্থ কেৰ’লিনা বিশ্ববিদ্যালয়ৰ সহযোগী উপাচাৰ্য আৰু মুখ্য গৱেষণা বিষয়া ড০ গণেশ বৰাই মূল ভাষণত অৱগত কৰে। এই সন্মিলনত অংশগ্ৰহণ কৰে নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ৰাজমোহন নাথ স্মাৰক ন্যাসৰ সঞ্চালক দিলীপ ভাৰতীয়ে। দিলীপ ভাৰতীয়ে বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ দিনত কৃত্ৰিম বুদ্ধিমত্তাই কেনেদৰে শিক্ষা,চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিব পাৰে সেই সম্পৰ্কে অৱগত কৰে। পুৱা ৯বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে অনুষ্ঠিত এই সন্মিলনখন বিভিন্ন সত্ৰত অনুষ্ঠিত হয়। 

উল্লেখ্য যে- ড০ গনেশ বৰাই শিক্ষাখণ্ডত AI ৰ প্ৰয়োগ আৰু ব্যৱহাৰৰ বিষয়ে ব্যাখ্যা কৰে। এই সত্ৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেলাৱেৰ বিশ্ববিদ্যালয়ৰ গৱেষক ড০ ভাস্বতী কাশ্যপে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত AIৰ গুৰত্বৰ বিষয়ে অৱগত কৰে। সন্মিলনৰ তৃতীয় সত্ৰত দিলীপ ভাৰতীয়ে সামগ্ৰিক বিষয়সমূহৰ এক সাৰাংশ দাঙি ধৰে। চতুৰ্থ সত্ৰত সমল ব্যক্তি  দেৱাঞ্জন বৰঠাকুৰে AI ৰ সহায়ত শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণৰ জৰিয়তে কেনেদৰে মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰি, সেই সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰে।

পৰৱৰ্তী সত্ৰসমূহত অংশগ্ৰহণ কৰে ক্ৰমে গুৱাহাটীৰ চিটিঅ এট ভিন্টেজৰ সহ প্ৰতিষ্ঠাপক অঞ্জন পাঠক, আসাম এজেন্টিকচ ফাউণ্ড্যেশ্যনৰ সমন্বয়ক মনদ্বীপ চক্ৰৱৰ্তী, গুৱাহাটীস্থিত ডিজিটেল এজেন্সী ‘ইনফ্লুৱেন্স’ৰ প্ৰতিষ্ঠাপক অৰিন্দম গোস্বামী, নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অংকুৰ গোস্বামী, গুগল ডেভেলপমেন্টৰ আয়োজক আচভিজা ভিজয়েণ্ড্ৰা, বাংগালোৰৰ ইকম চায়েন্স কনচাল্টিং প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক অৰ্চনা ভাৰতী আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ তথা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ক’ডিং ক্লাবৰ সদস্য তুষাৰ ৰঞ্জন শইকীয়াই। 

নগাওঁ