/asomiyapratidin/media/media_files/2026/02/21/new-ap-web-2026-02-21-17-15-40.jpeg)
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ সামাজিক অধিকাৰিতা শিবিৰৰ সৈতে সংগতি ৰাখি নগাঁৱত বিশেষভাৱে সক্ষম ৩১৯৪ গৰাকী হিতাধিকাৰীৰ মাজত সহায়ক যন্ত্ৰ তথা সামগ্ৰী বিতৰণ কৰে। ভাৰত চৰকাৰৰ ADIP আঁচনি আৰু ভাৰতীয় তেল নিগমৰ CSR ৰ অধীনত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়। এই উপলক্ষে নগাঁও চহৰৰ নেহৰুবালিত ALIMCO ৰ উদ্যোগত এক বিশেষ সভাও অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/b7e80d29-90c.png)
নগাঁও জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যান বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই সভাত বিধায়ক ৰূপক শৰ্মা,জিলা আয়ুক্ত দেৱাশিস শৰ্মা,ALIMCO ৰ জ্যেষ্ঠ প্ৰবন্ধক মুকেশ মিশ্ৰ,জিলা সমাজ কল্যান বিষয়া ভোলানাথ পেগু আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে । এই অনুষ্ঠানতে ১১৭ খন বেটাৰিচালিত ট্ৰাই চাইকেল, ১২৭৩ খন হুইল চেয়াৰ, ৫৪৩ খন ট্ৰাই চাইকেল, ৬৬৬ ডাল ৱাকিং ষ্টিক আদিকে ধৰি সৰ্বমুঠ ৯১৮৫ বিধ সাহাৰ্য সামগ্ৰী বিতৰণ কৰে।
/asomiyapratidin/media/post_attachments/b7a5a7f7-c37.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us