নগাঁৱত প্ৰাৰ্থনা শীৰ্ষক গ্ৰন্থ উন্মোচন...

নগাঁৱৰ আমোলাপট্টিস্থিত শ্ৰী শ্ৰী শংকৰদেৱ নাট্য চ'ৰাত প্ৰণৱ কুমাৰ বৰাৰ "প্ৰাৰ্থনা" শীৰ্ষক ধৰ্মীয় গ্ৰন্থ উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱৰ আমোলাপট্টিস্থিত শ্ৰী শ্ৰী শংকৰদেৱ নাট্য চ'ৰাত প্ৰণৱ কুমাৰ বৰাৰ "প্ৰাৰ্থনা" শীৰ্ষক ধৰ্মীয় গ্ৰন্থ উন্মোচন কৰা হয়  । গ্ৰন্থখনি বৰদোৱাৰ নৰোৱা সত্ৰৰ ডেকা সত্ৰাধিকাৰ টিকেন্দ্ৰজিৎ দেৱ গোস্বামীয়ে উন্মোচন কৰে।

 

এই গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটি জুৰি মনি বৰাৰ দ্বাৰা বৰগীত পৰিৱেশনেৰে আৰম্ভ হয় অনুষ্ঠানটো। ইপিনে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ আৰু নগাঁও জেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ মন্দিৰৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।

নগাওঁ