/asomiyapratidin/media/media_files/2026/02/13/1-2026-02-13-17-01-32.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱত অনুষ্ঠিত হয় অটল পেঞ্চন যোজনাৰ এক সজাগতা শিবিৰ ৷ ৰাষ্ট্ৰীয়কৃত বেংকৰ লগতে ব্যক্তিগত খণ্ডৰ পোন্ধৰটাকৈ বেংকৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত কেইবাশতাধিক বেংক গ্ৰাহকে অংশগ্ৰহণ কৰাও পৰিলক্ষিত হয় ।
/asomiyapratidin/media/post_attachments/ee09c942-d52.png)
মূলতঃ অটল পেঞ্চন যোজনাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি ৰূপায়িত এই কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে PENSION FUNDED REGULATORY DEVELOPMENT AUTHORITY OF INDIAৰ মুখ্য পৰিচালন সঞ্চালক পাৰভেজ কুমাৰ,AGM সিৱিকা সিংহাল,অসম গ্ৰামীণ বিকাশ বেংকৰ মাণ্ডলীক বিষয়া ৰতন দেৱকে প্ৰমূখ্য কৰি বেংকৰ বহুকেইজন উচ্চপদস্থ বিষয়া ৷ উল্লেখ্য যে অটল পেঞ্চন যোজনাৰ প্ৰসাৰৰ ক্ষেত্ৰত অসমৰ ভিতৰত নগাঁৱে বিশেষ সফলতা অৰ্জন কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us