/asomiyapratidin/media/media_files/2026/02/06/monipur-2026-02-06-20-47-39.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নগাঁৱৰ কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত ৭১ নং গুইমাৰী প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট অভিনেতা ৰবি শৰ্মা।পুৱা বিদ্যালয়ৰ পৰা উলিওৱা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা ৰবি শৰ্মাই। অনুষ্ঠানৰ শেষত সাংবাদিকৰে সৈতে হোৱা মত বিনিময়ত অভিনেতাগৰাকীয়ে সকলোৰে একতাক প্ৰশংসা কৰাৰ লগতে এনে একতাৰে অসমত ডাঙৰ কৰ্ম সম্ভৱ কৰা বুলি মন্তব্য প্ৰকাশ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/whatsapp-imag-2026-02-06-20-46-11.jpeg)
জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত প্ৰশ্ন কৰাত অভিনেতা গৰাকীয়ে উল্লেখ কৰে যে -জুবিনৰ ন্যায় আশা কৰাৰ আগতে প্ৰাথমিক কামখিনি কৰা নহ'ল আৰু সমগ্ৰ ন্যায় প্ৰক্ৰিয়াত সমগ্ৰ অসমবাসী ৰাইজ ক্ষোভিত। এইখন চৰকাৰে যদি ৰাইজৰ দুখ বুজি নাপায় তেনে চৰকাৰ ব্যৰ্থ বুলি কয়। লগতে অভিনেতা গৰাকীয়ে কয় যে-জুবিনৰ নীতি আদৰ্শ সমগ্ৰ অসমতে আছে। শনিবাৰে অনুষ্ঠিত হ'ব লগা মুকলি সভাত কেইবাগৰাকীও শিক্ষাবিদ উপস্থিত থকাৰ লগতে এক জাতি -জনগোষ্ঠীৰ এক সন্মিলন অনুষ্ঠিত হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/whatsapp-image-2026-02-06-20-46-40.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us