/asomiyapratidin/media/media_files/2026/02/26/new-ap-we-2026-02-26-18-54-12.jpg)
ডিজিটেল ডেস্কঃ গান্ধাৰ ৰ উদ্যোগত ২১ সংখ্যক সুধাকণ্ঠ ড° ভূপেন হাজৰিকা জন্ম শতবর্ষ সোঁৱৰণি উত্তৰ পূৰ্বাঞ্চল সংগীত মহাৰণ - ২০২৬ৰ আয়োজন কৰা হৈছে। অহা ২০ মে'ৰ পৰা ২৪ মে' লৈ এই সংগীতৰ মহাৰণ ২০২৬ আয়োজন কৰে। নগাঁৱৰ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এই কাৰ্যসূচীৰ আয়োজন কৰিছে।
উল্লেখ্য যে, এই সংগীতৰ মহাৰণ ২০২৬ পাঁচটাকৈ শাখাত আয়োজন কৰিছে। সেইসমূহ হৈছে -
১.শঙ্ককৰ মাধৱ শাখা( বয়স ৩০ বছৰৰ ওপৰত)
২. ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা শাখা ( বয়স ২০ বছৰৰ পৰা ২৯ বছৰলৈকে)
৩. জ্যোতি বিষ্ণু শাখা ( বয়স ১৪ পৰা ১৯ বছৰলৈকে)
৪. ভূপেন্দ্ৰ শাখা ( বয়স ১০ বছৰৰ পৰা ১৩ বছৰলৈকে)
৫. গান্ধাৰ শাখা (বয়স ১০ বছৰৰ তলত)
লগতে গীতসমূহো হৈছে-
১. শঙ্ককৰ মাধৱ শাখাৰ গীতসমূহ-
জ্যোতি সংগীত, বিষ্ণু সংগীত, ভূপেন হাজৰিকাৰ গীত,খগেন মহন্তৰ গীত, জুবিন গাৰ্গৰ গীত বা অসমীয়া আধুনিক ন-পুৰণি গীত।
২. ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা শাখাৰ গীতসমূহ-
জ্যোতি সংগীত, জয়ন্ত হাজৰিকাৰ গীত, ভূপেন হাজৰিকাৰ গীত, জুবিন গাৰ্গৰ গীত , হিন্দী গীত( লতা, কিশোৰ, মহম্মদ ৰফীয়ে কণ্ঠদান কৰা) ।
৩. জ্যোতি বিষ্ণু শাখাৰ গীতসমূহ-
জ্যোতি সংগীত, জয়ন্ত হাজৰিকাৰ গীত, ভূপেন হাজৰিকাৰ গীত, জুবিন গাৰ্গৰ গীত ,পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ গীত
৪.ভূপেন্দ্ৰ শাখাৰ গীতসমূহ-
জ্যোতি সংগীত,ৰুদ্ৰ বৰুৱা বা দিপালী বৰঠাকুৰৰ গীত,ভূপেন হাজৰিকাৰ গীত,জুবিন গাৰ্গৰ গীত।
৫. গান্ধাৰ শাখাৰ গীতসমূহ-
জ্যোতি সংগীত, বিষ্ণু সংগীত, ভূপেন হাজৰিকাৰ গীত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-2026-02-26-18-54-56.jpeg)
উল্লেখ্য যে, এই প্রতিযোগিতাৰ প্রতিটো গীততে প্রথম পুৰস্কাৰ নগদ ৫০০০/-টকা আৰু মানপত্র, দ্বিতীয় পুৰস্কাৰ নগদ ৩০০০/ টকা মানপত্র আৰু তৃতীয় পুৰস্কাৰ নগদ ২০০০/-টক আৰু মানপত্র প্রদান কৰা হ'ব। ইয়াৰোপৰি প্ৰতিটো শাখাতে শ্ৰেষ্ঠ কণ্ঠশিল্পী বঁটাও প্ৰদান কৰিব। লগতে প্রতিযোগিতাৰ প্রতিটো গীততে ভর্তি মাছুল ৩০০/-টকা (তিনিশ টকা)। যি গৰাকী প্রতিযোগীয়ে আটাইকেইটা গীততেই অংশগ্রহণ কৰি আনুপাতিক ভাবে শ্রেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হ'ব তেওঁকহে শ্রেষ্ঠ কণ্ঠশিল্পী বাঁটা ২০২৬ বাবে নির্বাচিত কৰা হ'ব। খোৱা,বোৱা,থকা,যাতায়তৰ খৰচ প্রতিযোগীৰ নিজা। দূৰৈৰ প্রতিযোগীয়ে অনলাইন যোগে নামসমূহ পঞ্জীয়ন ব্যৱস্থা কৰা হৈছে। অৱশ্যে গাদ্ধাৰৰ বেংক একাউন্টত ভর্তি মাছুলসমূহ আদায় দিব লাগিব। প্রতিযোগিতাত অংশগ্রহণ কৰাৰ আগতে সমিতিক ভৰ্ত্তি মাছুলৰ আদায় সম্পর্কীয় নথি জমা দিব লাগিব।
ইপিনে বেংক একাউন্ট নম্বৰ-GANDHAR FOUNDATION, A/C No 1336011001711 PSC-UCSA0001336। আনপিনে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ'ব।এই সমূহেই হৈছে সংগীতৰ মহাৰণ ২০২৬ নিয়মাৱলী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us