২৫ ফেব্ৰুৱাৰীৰ পৰা নগাঁৱত চলিব ৬খন নতুন চিটি বাছ

নগাঁও চহৰ তথা ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ যাতায়ত ব্যৱস্থা অধিক সুচল আৰু সুবিধাজনক কৰি তোলাৰ লক্ষ্যৰে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁও চহৰ তথা ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ যাতায়ত ব্যৱস্থা অধিক সুচল আৰু সুবিধাজনক কৰি তোলাৰ লক্ষ্যৰে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা নগাঁৱত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব ৬খন নতুন চিটি বাছ সেৱা। 

নগাঁও জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগৰ যুটীয়া উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।লগতে নগাঁৱৰ নেহৰুবালি খেলপথাৰত এই সেৱাৰ শুভ উদ্বোধন কৰা হ’ব। এই অনুষ্ঠানত নগাঁৱৰ জনসাধাৰণৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে জিলা প্ৰশাসনে।

চিটি বাছ সেৱাৰ বিৱৰণসমূহ এনেধৰণৰঃ 

১. কঠীয়াতলীৰ পৰা ধিং গেট (মেট্ৰ’ হাস্পতালৈ)

২. ধিং গেট (মেট্ৰ’ হাস্পতাল)ৰ পৰা কঠীয়াতলীলৈ

৩. বেবেজীয়াৰ পৰা পুৰণি গুদামলৈ

৪. পুৰণি গুদামৰ পৰা বেবেজীয়ালৈ

৫. ৰূপহীৰ পৰা নিদান হাস্পতাললৈ (লক্ষীনগৰ চাৰিআলি)

৬. নিদান হাস্পতাল (লক্ষীনগৰ চাৰিআলি) ৰ পৰা ৰূপহীলৈ

WhatsApp Image 2026-02-19 at 10.37.47 PM

উল্লেখ্য যে, এই চিটি বাছ সেৱাসমূহ প্ৰতিদিনে ৰাতিপুৱা ৮.০০ বজাৰ পৰা সন্ধিয়া ৭.০০ বজালৈ চলিব।  নগাঁও জিলা প্ৰশাসন, জিলা পথ সুৰক্ষা সমিতি আৰু জিলা পৰিবহন বিভাগৰ তত্বাৱধানত চলিব এই চিটি বাছ সেৱা। 

নগাওঁ