/asomiyapratidin/media/media_files/2026/02/08/1-2026-02-08-14-28-35.jpg)
ডিজিটেল ডেস্কঃ নগাঁও প্ৰিণ্ট মিডিয়া এছ'চিয়েছনৰ উদ্যোগত নগাঁৱৰ সাহিত্য সভাৰ কমলা দেৱী তোদী ভৱনত প্ৰয়াত সাংবাদিক বিচিত্ৰ নাৰায়ণ বৰা আৰু ৰাতুল বৰা সোঁৱৰণীত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় । উক্ত চিত্ৰাংকন প্ৰতিযোগিতাত জিলা খনৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/08/whatsapp-2026-02-08-14-25-42.jpeg)
উল্লেখ্য যে, দুটাকৈ শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীৰ সমান্তৰালকৈ অংশগ্ৰহণকাৰী প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। ইপিনে এই প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁৱৰ কেইবাগৰাকীও জেষ্ঠ সাংবাদিক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/197db75e-84c.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us