/asomiyapratidin/media/media_files/2026/02/01/1-2026-02-01-21-45-29.jpg)
ডিজিটেল ডেস্কঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৭ সংখ্যক জন্মদিন। জন্মদিনৰ শুভেচ্ছা দিবলৈ মুখ্যমন্ত্ৰীৰ আৱাসৰ সন্মুখত অনুৰাগীৰ ভিৰ। ইপিনে মুখ্যমন্ত্ৰীগৰাকীৰ ওপজা দিনৰ লগত সংগতি ৰাখি ৰেৱতী মহান বৰঠাকুৰ ফাউণ্ডেশ্যন আৰু নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত এক ৰক্ত দান শিবিৰৰ আয়োজন কৰা হয়। দুৰ্গত জনৰ সহায় হোৱাকৈ প্ৰায় ৫০ জনতকৈ অধিক যুৱক-যুৱতীয়ে ৰক্ত দান কৰে।
/asomiyapratidin/media/post_attachments/f63f0b34-693.png)
অনুষ্ঠানৰ শেষত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা আনুষ্ঠানিক প্ৰমাণ পত্ৰ প্ৰদান কৰে। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্তৃপক্ষ তথা বৃহত্তৰ কামপুৰৰ বিভিন্ন পঞ্চায়তৰ পৰা আহি ৰক্ত দান কৰা যুৱক যুৱতী সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হয়। ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদৰ্শন কৰা বাটেৰে যাতে এইধৰণৰ কাৰ্যসূচীৰে দুৰ্গতজনক সহায়ৰ হাত আগবঢ়াই যাব পাৰো তাৰ বাবে সকলোৱে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ দিনটোত সংকল্পবদ্ধ হৈছে।
/asomiyapratidin/media/post_attachments/57256c91-3d8.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us