/asomiyapratidin/media/media_files/2026/01/30/nagoun-2026-01-30-23-32-33.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। চহৰখনৰ ৰত্নকান্ত বৰকাকতী স্কুলৰ সমীপত দাও দাওকৈ জ্বলি উঠে এখন বাহন। খেৰ ভৰ্তি বাহনখন গৈ থকা অৱস্থাতে কেনেকৈ জ্বলি উঠে সেই কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/hfoigjnlkdf-2026-01-30-23-31-44.jpg)
ধান খেৰ ভৰ্তি বাহনখন জ্বলি উঠাৰ পাছতে গাড়ী এৰি পলায়ন কৰে চালকজনে। ইপিনে বাহনখনৰ নম্বৰ AS02-C-3288 বুলি জানিব পৰা গৈছে। বৰ্তমান ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us