/asomiyapratidin/media/media_files/2026/03/01/3-2026-03-01-19-31-17.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ মিলনপুৰৰ নিবাসী ভেলেউগুৰীৰ জীয়ৰী নিৰুপমা বৰাৰ দেহাৱসান। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যোৱা ২৭ ফেব্ৰুৱাৰীত সৰু পুত্র সমীৰজ্যোতি বৰাৰ বিশ্বনাথ চাৰিআলিৰ বাসগৃহত শেষ নিস্বাস ত্যাগ কৰে নিৰুপমা বৰাই । মৃত্যুৰ সময়ত দুই জীয়ৰী-জোৱাই,সৰু পুত্র-বোৱাৰী,নাতি নাতিনীক এৰি থৈ যায় এই সংসাৰত ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-image-2026-2026-03-01-19-30-13.jpeg)
ইপিনে নিৰুপমা বৰাৰ স্বামী অমিয় বৰা আৰু তেওঁৰ বৰ পুত্রৰ ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে। নগাঁৱৰ উপাসনা সাহিত্য চৰাৰ লগত জড়িত, চাৰিখন গ্ৰন্থ ৰচনা কৰা বৰাৰ মৃত্যুত স্বামী গৃহ মিলনপুৰ আৰু সৰু পুত্রৰ বাসভৱনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।
উল্লেখ্য যে, তেওঁৰ একমাত্র পুত্র সমীৰজ্যোতি বৰা আৰু তেওঁৰ পত্নী মৌচুমী সায়েংগীয়া বৰ্তমান দুয়ো চিত্রশিল্পী হিচাপে কৰ্মৰত। তাৰোপৰি বিশ্বনাথ চাৰিআলিৰ জিলা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰাক্তন অধ্যক্ষ আছিল পুত্ৰ বৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us