/asomiyapratidin/media/media_files/2026/02/25/4-2026-02-25-15-17-32.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ পাছত নগাঁৱত আৰম্ভ চিটী বাছ সেৱা।যান-জঁট হ্ৰাস, সাধাৰণ নাগৰিকৰ যাতায়াত সুচল কৰাৰ লক্ষ্যৰে এই পদক্ষেপ। শিক্ষাৰ্থী, কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ দৈনিক যাত্ৰাত এক যোগাত্মক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগে এক বিশেষ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল, দ্ৰুত আৰু জনসাধাৰণৰ বাবে সুবিধাজনক কৰি তুলিবলৈ নতুনকৈ চিটি বাছ সেৱা জিলাখনত মুকলি কৰে।
![]()
উল্লেখ্য যে,এই চিটি বাছ সেৱাৰ শুভ উদ্বোধন অনুষ্ঠানত ঐতিহ্যমণ্ডিত নেহৰুবালিৰ বাকৰিত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা,নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই ফ্লেগ অফ কৰি চিটি বাছসমূহ মুকলি কৰে। প্ৰাৰম্ভিক পৰ্যায়ত জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগে সৰ্বমুঠ ৬ খন বাছৰ জৰিয়তে ৩ টা মুখ্য কৰিড'ৰত এই সেৱা উপলব্ধ কৰিব।
এই বাছ সেৱাৰ স্থানসমূহঃ
১. বেবেজীয়া চাৰিআলিৰ পৰা পুৰণিগুদাম
২.পুৰণিগুদামৰ পৰা বেবেজীয়া চাৰিআলি
৩.ধিং গেটৰ পৰা কামপুৰ টাউন
৪.কামপুৰ টাউনৰ পৰা ধিং গেট
৫.ডিমৌ চাৰিআলিৰ পৰা ৰূপহী বজাৰ
৬. ৰূপহী বজাৰৰ পৰা ডিমৌ চাৰিআলি সংযোগী পথত চলাচল কৰিব
প্ৰণিধানযোগ্য যে, ই-ৰিক্সাৰে যাতায়াত কৰাৰ ক্ষেত্ৰত প্ৰায় সময়তেই মহিলা-যুৱতীয়ে অসুৰক্ষিত অনুভৱ কৰাৰ উপৰি অত্যধিক ভাৰা আদায় কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল।এনে ক্ষেত্ৰত নগাঁৱত চিটী বাছ সেৱা আৰম্ভ কৰাত উৎফুল্লিত হৈ পৰিছে নগঞা ৰাইজ।
১৯৭৩ চনতো নগাঁৱত চিটি বাছ সেৱা আছিল যদিও বিভিন্ন কাৰণত পৰৱৰ্তী সময়ত সেই সেৱা বন্ধ হৈ পৰে। সেয়ে পুনৰ নগাঁৱত আৰম্ভ কৰে এই চিটী বাছ সেৱা। চিটি বাছসমূহ প্ৰতিদিনে পুৱা ০৮:০০ বজাৰ পৰা সন্ধ্যা ০৭:০০ বজালৈ যাত্ৰীৰ বাবে মুকলি থাকিব বুলি উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us