/asomiyapratidin/media/media_files/2026/02/22/2-2026-02-22-15-24-44.jpg)
ডিজিটেল ডেস্কঃ নিশা হ'লেই অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হয় নগাওঁ বাইপাছ। আৰক্ষীৰ অমনোযোগিতাৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকে বাইপাছত চলায় তাণ্ডৱ। নিশা নগাঁৱৰ ডিমৌ বাইপাছৰ পৰা ট্ৰাক হাইজেক ঘটনা সংঘটিত হয়।
/asomiyapratidin/media/post_attachments/f66789dc-3ea.png)
উল্লেখ্য যে- শুক্ৰবাৰে মাজনিশা তিনিজনীয়া এটা দলে গুৱাহাটী অভিমুখে গৈ থকা এখন ট্ৰাক হাইজেক কৰে। চালকক আক্ৰমণ কৰি WB 59D0496নম্বৰৰ বহিঃৰাজ্যৰ ট্ৰাকখন লৈ উধাও হয় দলটো। নম্বৰপ্লেট বিহীন বাইকত অহা তিনি যুৱকে ট্ৰাকখনৰ ফাইনেন্সৰ ধন পৰিশোধ কৰিব থকা বুলি আগভেটি চালক আচিৰুল ইছলামক আক্ৰমণ কৰি লৈ যায় ট্ৰাকখন।
পাছত ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ড্ৰাইভাৰ আৰু হেন্দিমেনক। ইপিনে অপৰণ কৰা ট্ৰাকখনৰ লগতে তিনি অপহৰণকাৰী কৌশিক শইকীয়া,নয়ন জ্যোতি শইকীয়া আৰু মফিজুল হুছেইনক আটক কৰে আৰক্ষীয়ে। বৰ্তমান তিনিওকে গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা অধীনত 156/26 US 319(2)/308(2)/3(5) গোচৰ ৰুজু কৰি ধৃত তিনিওজনকে জেললৈ প্ৰেৰণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-20-2026-02-22-15-23-17.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us