/asomiyapratidin/media/media_files/2026/01/30/dnt-delete-copy-2026-01-30-21-23-15.jpg)
ডিজিটেল ডেস্কঃ কচুৱা জিলা পৰিষদৰ সদস্য আব্দুল জব্বৰক গ্ৰেপ্তাৰ। নগাঁও আৰক্ষীয়ে নগাঁৱৰ মাধৱপাৰা জিলা পৰিষদৰ সদস্য তথা কংগ্ৰেছ নেতা আব্দুল জব্বৰক আৰক্ষীয়ে সোধ পোছৰ বাবে আটক কৰিছে। এই ঘটনাই নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-image-2026-01-30-21-23-33.jpeg)
উল্লেখ্য যে,আব্দুল জব্বৰৰ বিৰুদ্ধে গৰু ছিণ্ডিকেট আৰু বিভিন্ন অপৰাধজনিত ঘটনাৰে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।বিগত পঞ্চায়ত নিৰ্বাচনত মাধৱপাৰা জিলা পৰিষদত কংগ্ৰেছ দলৰ পৰা জয়ী হৈ নগাঁও জিলা পৰিষদলৈ নিৰ্বাচিত হৈছিল আব্দুল জব্বৰ। ইপিনে বিগত দিন কেইটাত নগাঁৱৰ ৰূপহীহাট আৰু চামগুৰি আৰক্ষী অন্তৰ্গত বিভিন্ন স্থানত আৰক্ষীয়ে গৰু সৰবৰাহৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু চোৰাং গৰু জব্দ কৰে। এই অভিযোগৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে আব্দুল জব্বৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-image-2026-2026-01-30-21-26-11.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us