নগাঁৱৰ বৰকলাত একেখন মঞ্চতে চাৰিখনকৈ গ্ৰন্থ উন্মোচন...

নগাঁৱৰ বৰকলাত গুৱাহাটীৰ ৰেখা প্ৰকাশন আৰু ভাষা প্ৰকাশনৰ লগতে যোৰহাটৰ বেদকণ্ঠ প্ৰকাশনৰ উদ্যোগত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, কামপুৰঃ  নগাঁৱৰ বৰকলাত গুৱাহাটীৰ ৰেখা প্ৰকাশন আৰু ভাষা প্ৰকাশনৰ লগতে যোৰহাটৰ বেদকণ্ঠ প্ৰকাশনৰ উদ্যোগত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী অনুষ্ঠান। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি ড৹ শৰৎ বৰকটকী।  ইপিনে অনুষ্ঠানত নগাঁৱৰ সাহিত্য সভাৰ সভাপতি ড৹ বৰকটকীয়ে বক্তব্য প্ৰদান কৰি কয় যে- 'গ্ৰন্থ উন্মোচন নহয় আচলতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানবোৰ আমাৰ জাতীয় উদযাপন হ'ব লাগে । কাৰণ, গ্ৰন্থ এতিয়া চিকিৎসাৰ অংশ। গ্ৰন্থই আমাৰ আত্মা পৰিশোধন কৰে । গ্ৰন্থ সাহিত্যই প্ৰগতিৰ বাট কাটে।'

WhatsApp Image 2026-01-29 at 8.23.32 PM (1)সাংবাদিক, নাট সমালোচক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা এই সভাখনত গল্পকাৰ গুৰমাইল সিং আৰু কবি ড৹ নন্দ সিং বৰকলাৰ 'অসমীয়া শিখৰ লোকসংস্কৃতি', ড৹ নন্দ সিং বৰকলাৰ 'অসমীয়া শিখ' আৰু তেওঁৰেই 'সংগীতৰ ভগৱান' শীৰ্ষক গ্ৰন্থখনিৰ প্ৰথম আৰু দ্বিতীয় বৰ্দ্ধিত প্ৰকাশকে ধৰি মুঠ চাৰিখনকৈ গ্ৰন্থ একে মঞ্চতে উন্মোচন কৰা হয় । সভাত অংশগ্ৰহণ কৰি দিয়া ভাষণত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বিশ্বৰ বিভিন্ন সভ্যতাৰ কথা উল্লেখ কৰি কয় যে-  সভ্যতাৰ সমূহৰ ইতিহাস আমি সকলোৱে অধ্যয়ন কৰা প্ৰয়োজন।

ভাষণত আয়ুক্ত গৰাকীয়ে অসমীয়া শিখ সকলৰ সকলৰ অসমীয়া ভাষা- সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি কয়-  অসমীয়া শিখ সকলে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদান ইতিহাসে কেতিয়াও পাহৰিব নোৱাৰে। অসমীয়া সাহিত্যক আগুৱাই  নিয়াত তেওঁলোকৰ অৱদান গুৰুত্বপূৰ্ণ। প্ৰসঙ্গক্ৰমে তেওঁ কয় যে আকোঁৱালি লোৱা মনোভাৱ নাথাকিলে সমাজ সফল নহয়। সন্মিলিতভাৱে গ্ৰন্থ চাৰিখন উন্মোচন কৰে নগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মা, কবি ড৹ শৰৎ বৰকটকী, প্ৰদীপ শইকীয়াই আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰে । অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা সমাজ সেৱক কমল সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙৰ উপৰিও জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, সভাৰাম মজুমদাৰ আদিকে ধৰি দুই শতাধিক লোক উপস্থিত থাকে। লগতে বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিয়লি অনুষ্ঠিত হোৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে কথাশিল্পী গুৰমাইল সিঙে । 

WhatsApp Image 2026-01-29 at 8.23.31 PMগাম্ভীৰ্যপূৰ্ণ সভাখনত ড৹ শৰৎ বৰকটকীৰ উপৰিও নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, কবি প্ৰদীপ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰ, গ্ৰন্থকাৰ ড৹ নন্দ সিং বৰকলা আৰু সভাৰ সভাপতি কমল সিঙেও বক্তব্য প্ৰদান কৰে । সভাৰ বক্তাসকলে অসমীয়া সমাজৰ যুগসন্ধিৰ কথা উল্লেখ কৰাৰ উপৰিও ইতিহাস আৰু মূল্যবোধৰ অৱক্ষয়ৰ লগতে অনলাইন শিক্ষাৰ ভয়াৱহতাৰ কথা দোহাৰি গ্ৰন্থৰ আদৰ আৰু প্ৰয়োজনীয়তাৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় । ড৹ নন্দ সিং বৰকলাৰ শলাগৰ শৰাইৰে সভাৰ সামৰণি পৰে ।অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰ, গ্ৰন্থকাৰ ড৹ নন্দ সিং বৰকলা আৰু সভাৰ সভাপতি কমল সিঙেও বক্তব্য প্ৰদান কৰে । সভাৰ বক্তাসকলে অসমীয়া সমাজৰ যুগসন্ধিৰ কথা উল্লেখ কৰাৰ উপৰিও ইতিহাস আৰু মূল্যবোধৰ অৱক্ষয়ৰ লগতে অনলাইন শিক্ষাৰ ভয়াৱহতাৰ কথা দোহাৰি গ্ৰন্থৰ আদৰ আৰু প্ৰয়োজনীয়তাৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় । লগতে ড৹ নন্দ সিং বৰকলাৰ শলাগৰ শৰাইৰে সভাৰে এই অনুষ্ঠানৰ সামৰণি পৰে ।

নগাওঁ