মেঘালয়ৰ চিত্ৰ-ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জ্ৰিলৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান

নগাঁৱত  ‘প্ৰণৱ বৰুৱা শিল্পী’ বঁটা প্ৰদান। মেঘালয়ৰ চিত্ৰ-ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জ্ৰিলৈ প্ৰদান কৰা হয় এই বঁটা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-22 at 6.16.34 PM

ডিজিটেল ডেস্কঃ  নগাঁৱত  ‘প্ৰণৱ বৰুৱা শিল্পী’ বঁটা প্ৰদান। মেঘালয়ৰ চিত্ৰ-ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জ্ৰিলৈ প্ৰদান কৰা হয় এই বঁটা। চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজলৈ আগবঢ়োৱা আবদানৰ বাবে এই বঁটা প্ৰদান কৰে। নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰি  বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী ৰাফেল ৱাৰ্জ্ৰি উৎফুল্লিত হৈ পৰে।

উল্লেখ্য যে ২০০২ চনৰে পৰা  চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত উত্তৰ-পূৰ্বাঞ্চলৰ চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা শিল্পীলৈ প্ৰতিবছৰে তেওঁৰ জন্মদিন  দনটোত অৰ্থাৎ ২২ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰে।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিশিষ্ট চিকিৎসক ডাঃ প্ৰয়াগ শইকীয়া আৰু নগাঁও সাংস্কৃতিক সংগঠক কল্লোলৰ সম্পাদক নৌচাদ আখটাৰ হাজৰিকাই।

নগাওঁ