আজি আলি আঃয়ে লৃগাং

চঞ্চলা ফাগুন আহিলেই পলাশ, মদাৰ আৰু শিমলু ফুলে আকাশ ৰাঙলী কৰাৰ সমান্তৰালকৈ উৎফুল্ল হৈ পৰে মিচিং জনগোষ্ঠীৰ লোকসকল। কিয়নো মিচিংসকলে ফাগুনতে উদযাপন কৰে কৃষিভিত্তিক উৎসৱ হেঁপাহৰ আলি আঃয়ে লৃগাং।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-18 at 11.46.26 AM

ডিজিটেল ডেস্কঃ চঞ্চলা ফাগুন আহিলেই পলাশ, মদাৰ আৰু শিমলু ফুলে আকাশ ৰাঙলী কৰাৰ সমান্তৰালকৈ উৎফুল্ল হৈ পৰে মিচিং জনগোষ্ঠীৰ লোকসকল। কিয়নো মিচিংসকলে ফাগুনতে উদযাপন কৰে কৃষিভিত্তিক উৎসৱ হেঁপাহৰ আলি আঃয়ে লৃগাং।

WhatsApp Image 2026-02-18 at 11.40.07 AM

 আজি ফাগুনৰ প্ৰথমটো বুধবাৰ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিংসকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে আলি আংয়ে লগাং। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁbতো ফাগুন মাহৰ প্ৰথম বুধবাৰটোত অনুষ্ঠিত কৰে এই উৎসৱৰ। চহৰখনৰ শেনছোৱা পূৰ্ণিমা এষ্টেট দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে আলি আয়ে লৃগাং। 

ড° ৰাজীৱ কাগয়ুংক সভাপতি আৰু ড° লক্ষীপ্ৰসাদ মেদকক সভাপতি হিচাপে লৈ ২০০৭ চনৰ পৰা নগাঁও জিলাত ভিন্ন কৰ্মযোগে বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলে অতি উলহ মালহেৰে প্ৰতি বছৰে আলি আঃয়ে লৃগাং উৎসৱটো উদযাপন কৰি নিজৰ পৰম্পৰা ধৰি ৰখাৰ লগতে নতুন প্ৰজন্মক ইয়াৰ লগত সংকপিক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। গহপুৰৰ পুনচাং আপ্পুন দৃৰবৃ আপে নৃত্য দলৰ নৃতৰে মুকলি কৰা সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে বিশিষ্ট লোক সংস্কৃতি গৱেষক ড° সদানন্দ পায়েঙে। 

উল্লেখ্য যে- প্ৰথমে ফাগুন, চ'ত, ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ‌ পালন কৰা হৈছিল যদিও ১৯৫৬ চনৰ পৰা মিচিংসকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত আলি আঃয়ে লৃগাং হিচাপে পালন কৰি আহিছে। মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা। অৰ্থাৎ আলি আঃয়ে লৃগাং মানেই হৈছে শস্য সিঁচাৰ প্ৰথম দিন। আলি আঃয়ে লৃগাং উৎসৱ পূৰ্বতে পাঁচদিনীয়াকৈ পালন কৰা হৈছিল। প্ৰথম দিনটোত ৰীতি অনুসৰি শস‌্য সিঁচা হয়। পথাৰৰ পূব দিশৰ এটা কোণৰ প্ৰায় ২ ৰ পৰা ৩ ফুট পৰ্যন্ত বহল আৰু ৩ৰ পৰা ৪ ফুট দীঘল ঠাই এটুকুৰা চাফ-চিকুণ কৰা হয়। লগতে  এই উৎসৱ পালনৰ ৩ সপ্তাহমান পূৰ্বৰে পৰা গৃহিণীসকলে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে। লৃংগাঙত যুৱতীসকলে মচাং, এগ, ৰিঃবি গাচেম, গেৰঃ, দুমৰি আদি প্ৰস্তুত কৰে। গৃহিণীসকলে পুৱাই উঠি সকলো পৰিস্কাৰ কৰি পুখুৰীত মাছ ধৰে। আলি আঃয়ে লৃগাঙৰ দিনা প্ৰতিগৰাকী মিচিং ঘৰত পুৰাং, আপং আদিৰ লগতে শুকান মাছৰ চাটনি, গাহৰি আদিকে ধৰি বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত হয়

নগাওঁ আলি আঃয়ে লৃগাং