নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিভিন্ন উপাসনাস্থলীলৈ 'অসম দৰ্শন' আঁচনিৰ আৰ্থিক অনুদান আগবঢ়ালে বিধায়কে...

নগাঁও -বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত মাজৰ‌আটি হুজ গাঁও পঞ্চায়ত আৰু পলাশনী তেলিয়া পহুকটা গাওঁ পঞ্চায়তৰ বিভিন্ন উপাসনাস্থলী সমূহলৈ "অসম দৰ্শন" আঁচনিৰ অধীনত লাভ কৰা আৰ্থিক অনুদানৰ চেক সমূহ

author-image
Asomiya Pratidin
New Update
rddd

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও -বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত মাজৰ‌আটি হুজ গাঁও পঞ্চায়ত আৰু পলাশনী তেলিয়া পহুকটা গাওঁ পঞ্চায়তৰ বিভিন্ন উপাসনাস্থলী সমূহলৈ "অসম দৰ্শন" আঁচনিৰ অধীনত লাভ কৰা আৰ্থিক অনুদানৰ চেক সমূহ মংগলবৰে প্ৰদান কৰা হয়। বিধায়ক ৰূপক শৰ্মাই পুৱাৰে পৰা নিশালৈ সমষ্টিটোৰ উপসনাস্থলী সমূহত উপস্থিত হৈ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে।

82eeca6c-e463-40b1-9f00-6454e82a253c

ইংলিছ পট্টি দূৰ্গা মন্দিৰ, ষঠ ব্ৰত সমিতি, প্ৰণৱ নগৰ কালী মন্দিৰ, ইটাপাৰা পুৱ নামঘৰ, হৰিহৰ শিৱ মন্দিৰ মাজৰআটি, ডিফলু সত্ৰ নামঘৰ, ত্ৰিশূল সমাজ নামঘৰ, চেচামূখ সাৰ্বজনীন শিৱমন্দিৰ, শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ তেলিয়া পহুকতা, তেলিয়া পহুকটা সাৰ্বজনীন শিৱ মন্দিৰ, কৰচূং সত্ৰ নামঘৰ, কৰৈয়নী চৰলাপাৰ শিৱ শক্তি সমাজ, কৰৈয়নী আঞ্চলিক দূৰ্গা উৎসৱ উদযাপন সমিতি, ভূতনাথ মন্দিৰ, কৰৈয়নি ব্ৰাহ্মন সমাজ, গধৰীয়া কৰৈয়নি শিৱ মন্দিৰ আদি উপসনাস্থলী সমূহত চেক প্ৰদানৰ কাৰ্যসূচীত নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, ভোটাইপাথৰি মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰাকে প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

7c4d7205-de0a-4def-b9fc-efa75ae4dee0

ৰূপক শৰ্মা