সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ কৃতী ছাত্র-ছাত্রীক সম্বর্দ্ধনা

নগাঁও জিলা সন্থাৰ সভাপতি ফজলুল হক মৰলে আঁতধৰা সম্বৰ্দ্ধনা অনুষ্ঠানত কৃতী ছাত্র-ছাত্রী সকলক মানপত্র, গামোচা, কলম, কিতাপেৰে সম্বর্দ্ধনা জনোৱা হয়। পুথিভঁড়াল সন্থাৰ পৰিয়ালবৰ্গৰ সন্তান-সন্ততি সকলকো সম্বর্দ্ধনা জনোৱা হয়।

author-image
Asomiya Pratidin
New Update
1 nagaon 2

ডিজিটেল সংবাদ , নগাঁও:  প্রশংসাই মানুহক প্ৰেৰণা দিয়ে, ই ইতিবাচক মনোভাৱৰ লগতে আবেগ সৃষ্টি কৰে। এই মন্তব্য দীপিকা লস্কৰৰ। আজি সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাই পৰিচালনা কৰা নেতাজী বিদ্যাপীঠৰ হৈ যোৱা মেটিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রী সকলক সম্বর্দ্ধনা জনোৱা হয়।

Advertisment

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে যোগদান কৰি ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক, নগাঁও বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীপিকা লস্কৰে ভাষণ প্রসঙ্গত উপৰোক্ত মন্তব্য কৰে। সন্থাৰ সভাপতি প্রতাপ হাজৰিকাই সভাপতিত্ব কৰা সভাখনত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক আৰু অঞ্চলটোৰ গন্যমান্য ব্যক্তি সকলে যোগদান কৰে।

এই সভাখনত লস্কৰে কয় ছাত্র-ছাত্রী সকলে লক্ষ্য স্থিৰ কৰি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে সাফল্য আহিব। আন এগৰাকী বক্তা বিদ্যালয় সমূহৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক প্রেমেশ্বৰ দাসে কয় মাতৃয়েই হৈছে ছাত্ৰ-ছাত্ৰীৰ প্ৰথম গৰাকী শিক্ষয়িত্ৰী আৰু ঘৰখনেই হৈছে প্রথম পঢ়াশালি। তেওঁ কয় মানসিক দৃঢ়তা থাকিলে অভাৱ-অনাতন শিক্ষাৰ প্ৰতিবন্ধক হব নোৱাৰে। বিশিষ্ট অভিনেতা, নাট্যকাৰ জীতেন বৰাই শিক্ষক, ছাত্র, অভিভাৱকৰ পূৰ্ণ সহযোগ হলেহে শিক্ষাৰ উদ্দেশ্য সফল হয়। 

সন্থাৰ উপ-সভাপতি শশীন্দ্ৰ দেৱ মহন্তই বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। আদৰনি ভাষণ দিয়ে প্রধান সম্পাদক খগেন চন্দ্র নাথে। নগাঁও জিলা সন্থাৰ সভাপতি ফজলুল হক মৰলে আঁতধৰা সম্বৰ্দ্ধনা অনুষ্ঠানত কৃতী ছাত্র-ছাত্রী সকলক মানপত্র, গামোচা, কলম, কিতাপেৰে সম্বর্দ্ধনা জনোৱা হয়। পুথিভঁড়াল সন্থাৰ পৰিয়ালবৰ্গৰ সন্তান-সন্ততি সকলকো সম্বর্দ্ধনা জনোৱা হয়।

সভাত লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক ভৱেন বৰা, নেতাজী বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্রী ৰূপা মুক্তিয়াৰ, নগাঁও জিলা পুথিভঁড়াল সন্থাৰ সম্পাদক ভূপেন চন্দ্ৰ নাথে বক্তব্য আগবঢ়ায়। সভাত সন্থাৰ সাংগঠনিক সম্পাদক চাহাবুদ্দিন আহমেদ, মৰিগাঁও জিলা সন্থাৰ সম্পাদক বলদের নাথ, পূণ্যদা বৰা, নিৰলা দাস, অৱসৰপ্ৰাপ্ত  শিক্ষক হীৰেণ ডেকা প্রমুখ্যে বিষয়ববীয়া সকলে যোগদান কৰে।

নগাঁও