উচ্চতৰ মাধ্যমিকৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়ালে কেইবাখনো বিদ্যালয়ে...

বটদ্ৰৱাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কলা আৰু বিজ্ঞান শাখাত ৫৯ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল।

author-image
Asomiya Pratidin
New Update
gdfgfdg

ডিজিটেল সংবাদ,বটদ্ৰৱা:   আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিলে কেইবাখনো বিদ্যালয়ে। বটদ্ৰৱাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কলা আৰু বিজ্ঞান শাখাত ৫৯ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল।

Advertisment

তাৰে কলা শাখাত প্ৰথম বিভাগত ২৬ জন দ্বিতীয় বিভাগত ১২ জন উতীৰ্ণ হোৱা লগতে বিজ্ঞান শাখাত প্ৰথম বিভাগত ৭ জন দ্বিতীয় বিভাগত ১৪ জন উতীৰ্ণ হৈছে। ইয়াৰে কলা শাখাৰ হেমাশ্ৰীতা শইকীয়া ৰাজনীতি বিজ্ঞান বিষয়ত ৯৫ নম্বৰ লাভ কৰাৰ লগতে চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি একাডেমী খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ইফালে বিজ্ঞান শাখাত আফ্ৰুজা বেগমে জীৱবিজ্ঞানত ৯১ নম্বৰ, অসমীয়াত ৮৪ নম্বৰ সহ ৭৪.৮ শতাংশ নম্বৰ লাভ কৰিছে। উল্লেখ্য যে, আফ্ৰুজা বেগম ধনীয়াভেটি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা। আফ্ৰুজা বেগমৰ পিতৃয়ে ঘৰৰ পদূলিত এখনি সৰু পান তামোলৰ দোকান দি পৰিয়ালটি পোহপাল দি আহিছে।

অঞ্চলটোৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰা ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বিগত তিনি বছৰ ধৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এশ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই উত্তীৰ্ণ হৈ অভিলেখ সৃষ্টি কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে অধ্যক্ষ জুনাইদ আহমেদ চৌধুৰীক অভিনন্দন জনাইছে।

ইফালে চৰকাৰী খণ্ডৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১২৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈ প্ৰথম বিভাগত ২৪ গৰাকী, দ্বিতীয় বিভাগত ৮৫ আৰু তৃতীয় বিভাগত ১৮ গৰাকী উত্তীৰ্ণৰে ১০০ শতাংশ উত্তীৰ্ণ হৈছে বুলি অধ্যক্ষ দিপাংক গিৰি দেৱ গোস্বামীয়ে জানিবলৈ দিছে।

বটদ্রৱা