শোণিতপুৰৰ বিভিন্ন স্থানত সিদ্ধিদাতাক আৰাধনা ভক্তপ্ৰাণ ৰাইজৰ ...

এই উপলক্ষে পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনাত ভাগ লৈ গণেশ দেৱতাৰ আৰ্শীবাদ কামনা কৰিছে।উদযাপন সমিতিয়ে সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰি পূজা ভাগ সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনাইছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ   শোণিতপুৰৰ বালিপৰাৰ স্থায়ী দূৰ্গা মন্দিৰ প্ৰাঙ্গনত আজিৰে পৰা আৰম্ভ হৈছে গণেশ চতুৰ্থী ৷ বালিপৰা গণেশ পূজা উদযাপন সমিতিৰ উদ্যোগত দশম বাৰ্ষিক শ্ৰীশ্ৰী গণেশ পূজা ভাগ শুভাৰাম্ভ হয়।

Advertisment

এই উপলক্ষে পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনাত ভাগ লৈ গণেশ দেৱতাৰ আৰ্শীবাদ কামনা কৰিছে।উদযাপন সমিতিয়ে সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰি পূজা ভাগ সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনাইছে।

সমান্তৰালকৈ জামুগুৰিহাটতো চলিছে ব্যাপক প্ৰস্তুতি। জামুগুৰিহাটৰ অন্যতম অনুষ্ঠান সিদ্ধিদাতা ক্লাৱৰ উদ্যোগত জামুগুৰি  ব্যৱসায় কেন্দ্ৰস্থলত বিগত বৰ্ষসমুহৰ দৰেই এইবেলিও অষ্টম বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূ্জাভাগ চাৰি দিনীয়াকৈ আয়োজন কৰিছে৷

গণেশ চতুৰ্থী পূজা উপলক্ষে জামুগুৰিহাটৰ পূজাথলিলৈ পূৱাৰপৰাই অসংখ্য ভক্তৰ সোঁত বোৱাৰ লগতে সকলোৰে মংগলাৰ্থে আশিষ গ্ৰহণ কৰে উদ্যোক্তাসকলেও ৷ ইফালে বিভিন্ন প্ৰান্তৰপৰা চাকি বন্তি শৰাই শলিতা দিবলৈ অহা ভক্তসকলক প্ৰসাদ,ভোগ,জল,মিঠাই,লাড়ু আদিৰে আপ্যায়ণ কৰিছে সিদ্ধিদাতা ক্লাৱৰ সদস্যসকলে৷

শ্ৰী শ্ৰী গণেশ পূঁজাৰ থলীত বজোৱা ধাকৰ শব্দই সকলোৰে মন শাৰদীয় কৰি তোলাৰ লগতে শাৰদীয় বতৰৰ বতৰাও কঢ়িয়াই অনা পৰিলক্ষিত হৈছে৷

শোণিতপুৰ