বটদ্ৰৱাত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰৱঞ্চনাৰ জালঃ লাখ লাখ টকা আত্মসাৎ

ইলিয়াছে "শ্বাকিল চেল্ফ হেল্ফ গ্ৰুপ" নামৰ বিত্তীয় প্ৰতিষ্ঠান খুলি গ্ৰাম্যাঞ্চলৰ খুচুৰা দোকানীৰ পৰা অধিক মুনাফা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে দৈনিক আদায় লৈছে হেজাৰ হেজাৰ টকা।

author-image
Asomiya Pratidin
New Update
অগ্ৰণী খবৰ

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ  মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই কঠোৰ পদক্ষেপ গ্ৰহণ নকৰক কিয় আজিও গ্ৰাম্য অঞ্চলত পিয়াপি দি ফুৰিছে একাংশ প্ৰবঞ্চকে। এইবাৰ প্ৰবঞ্চকৰ লক্ষ্য গ্ৰাম্য অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ী। প্ৰবঞ্চকৰ জালত ভৰি দি আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘুৰিব লগা হৈছে এগৰাকী মহিলা গেলামাল দোকানী।

Advertisment

ইলিয়াছ নামৰ এটা ভুৱা বেংকৰ মূৰব্বীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। অভিযোগ অনুসৰি এইগৰাকী ইলিয়াছে "শ্বাকিল চেল্ফ হেল্ফ গ্ৰুপ" নামৰ বিত্তীয় প্ৰতিষ্ঠান খুলি গ্ৰাম্যাঞ্চলৰ খুচুৰা দোকানীৰ পৰা অধিক মুনাফা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে দৈনিক আদায় লৈছে হেজাৰ হেজাৰ টকা।

মহিলা ব্যৱসায়ী গৰাকীক বছেৰেকৰ মূৰত প্ৰায় ৮০ হাজাৰ টকা সমুদায় প্ৰদানৰ নিশ্চয়তা দি বিত্তীয় প্ৰতিষ্ঠানৰ গৰাকী ইলিয়াছে দৈনিক দুশ টকাকৈ আদায় লৈছিল যদিও আজি নিৰ্ধাৰিত সময় উকলি যোৱাৰ প্ৰায় তিনিমাহ পিছতো উক্ত ধন আদায় নিদি তেওঁ ৰচনা কৰিছে প্ৰবঞ্চনাৰ ন-ন কৌশল।

যাৰ বাবে ইতিমধ্যে মহিলা গৰাকীয়ে প্ৰবঞ্চক ইলিয়াছৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। প্ৰশ্ন হয় মহিলা গৰাকীয়ে জমা কৰা নিজৰ গাঁঠিৰ ধন ঘূৰাই পাবলৈ সক্ষম হব নে ? পৰৱৰ্তী সময়ত নগাঁও জিলা আৰক্ষীয়ে ভুৱা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সময়ত হ'ব সেয়া লক্ষ্যণীয়।

বটদ্ৰৱা