৫০০ তকৈ অধিক ৰোৱনীৰ সমুহীয়া গীত গাই ভূঁই ৰোৱা উৎসৱ পালন

মৰিসুতিৰ বৃহৎ পথাৰ খনত আজি পাঁচশৰো  ( ৫০০ ) অধিক ৰোৱনীয়ে সমুহীয়া ভাবেই এনেদৰেই গীত গাই ভূই ৰোৱা দেখা গৈছে ৷ এনেদৰেই গ্ৰামাঞ্চলৰ হালোৱা ৰোৱনী সকল ব্যস্ত হৈ পৰিছে পথাৰত।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ মৰিসুতিত পালন কৰা হৈছে পৰম্পৰাগত ন-ভূঁই ৰোৱা উৎসৱ। বোকা পানীৰ পৰশ পাই বছৰটোলৈ ককালত টঙালি বান্ধি পথাৰত ভূইৰোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে ৰোৱনী সকলক। যিহেতু এয়াই হৈছে আহাৰৰ বতৰ।

এই আহাৰ মাহৰ বতৰত চহা অসমীয়া কৃষকৰ পৰিয়ালসমূহৰ সকলোৱেই ব্যস্ত হৈ পৰিছে পথাৰত। জামুগুৰিহাটৰ  ধলাইবিল পেৰিছৰ ফাডাৰ সুশীল জন চৰেনৰ তত্ত্বাৱধানত প্ৰায় ১২ খনকৈ গাঁৱৰ পুৰুষ মহিলাই এইদৰেই বিগত পঞ্চাশ বছৰৰো অধিক কাল ধৰি পৰম্পৰাগত ভাবে এনে দৰেই ভূঁই ৰোৱা উৎসৱ পালন কৰি আহিছে৷

মৰিসুতিৰ বৃহৎ পথাৰ খনত আজি পাঁচশৰো অধিক ৰোৱনীয়ে সমুহীয়া ভাবেই এনেদৰেই গীত গাই ভূঁই ৰোৱা দেখা গৈছে ৷ এনেদৰেই গ্ৰামাঞ্চলৰ হালোৱা ৰোৱনী সকল ব্যস্ত হৈ পৰিছে পথাৰত। হালবোৱা, কঠিয়া তোলা ভূই ৰোৱাত ব্যস্ত সকলো। এই দৃশ্য জামুগুৰিহাটৰ উত্তৰ  অঞ্চলৰ মৰিসুতি গাঁৱৰ বৃহৎ পথাৰৰ।

সমগ্ৰ অসমৰ লগতে এই গাঁওখনৰো চহা কৃষকসকল ব্যস্ত এতিয়া আহাৰ মাহৰ পথাৰত। আহাৰৰ পথাৰত কেঁচা মাটিৰ সুবাসত ব্যস্ত হৈ পৰিছে পুৰুষ মহিলা সকলো। কোনোৱে যদি ভূঁই ৰুৱা, কোনোৱে কঠীয়া তোলা, কোনোৱে আকৌ জলপান দিয়া কাম কৰিছে৷

জামুগুৰিহাট