/asomiyapratidin/media/media_files/2025/07/03/1-2025-07-03-23-03-36.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: শিশুসকলৰ মাজত লুকাই থকা অভিনয় প্ৰতিভাক বিকশাই তোলাৰ লক্ষ্যৰে অসম সাহিত্য সভাই এখনি গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালাৰ আয়োজন কৰিছে ৷ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি উপ সমিতিৰ সৌজন্যত আৰু নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত তথা চকলাঘাট শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত কেন্দ্ৰীয়ভাবে আয়োজিত এই শিশুনাট কৰ্মশালাখনি কাইলৈৰ পৰা জিলাখনৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব ৷
ইফালে, কাইলৈ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে পুৱা ৮-৪৫ বজাত পতাকা উত্তোলন কৰিব চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি উৎপল হাজৰিকাই ৷ ইয়াৰ পিছতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণৰ অন্তত ১০ বজাত নাট কৰ্মশালাৰ উদ্বোধনী সভাখনি অনুষ্ঠিত হ’ব ৷
চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন তামুলীৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু চকলাঘাট শাখা সাহিত্য সভাৰ আকাশ উপ সমিতিৰ সদস্যাসকলৰ দ্বাৰা চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীত পৰিবেশনেৰে শুভাৰম্ভ হ’বলগীয়া সভাখনিত সভাপতিত্ব কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° শৰৎ বৰকটকীয়ে ৷
অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই উদ্বোধন কৰিবলগীয়া সভাখনিত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, কেন্দ্ৰীয় কুঁহি উপ সমিতিৰ আহ্বায়ক প্ৰশান্ত শইকীয়া, কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকাকে ধৰি বহুকেইজন বিষয়-ববীয়া উপস্থিত থাকিব ৷ ইয়াৰ পিছতে আমন্ত্ৰিত প্ৰশিক্ষকসকলৰ দ্বাৰা কৰ্মশালাৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰা হ’ব।
কৰ্মশালাত মুখ্য পৰিচালক হিচাপে ভৱজ্যোতি শইকীয়া তথা সমল ব্যক্তি হিচাপে বিশিষ্ট নাট্যকৰ্মী সপোনটি বৰদলৈ, দীনেশ কাকতি, অঞ্জন ভূঞা, সীমান্ত কলিতা, ধ্ৰুৱজ্যোতি বৰা, মুকাভিনয় প্ৰশিক্ষক কুমুদ বৰদলৈ আৰু অংকীয়া নাট প্ৰশিক্ষক জিতু ডেকা উপস্থিত থাকিব ৷
উল্লেখ্য যে, প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈকে অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাত শিশুসকলক নাট্যাভিনয়ৰ লগতে অংকীয়া নাট আৰু মুকাভিনয়ৰো বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ অহা ১৮ জুলাইত সামৰণি পৰিব উক্ত কৰ্মশালাখনৰ।
সামৰণি অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট শিল্পী-সাহিত্যিকে অংশগ্ৰহন কৰাৰ বিপৰীতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা শিশু নাট আৰু অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ’ব বুলি আদৰণি সমিতিৰ সম্পাদক কল্যাণ কুমাৰ বৰা আৰু প্ৰচাৰ সম্পাদক জয়ন্ত মুদৈয়ে জানিবলৈ দিছে।