/asomiyapratidin/media/media_files/2025/05/25/kGVc5vgJofEXoyXj8NSJ.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইডঙীয়াৰ নতুন ভোগবাৰীত আজি শোকাবহ ঘটনা সংঘটিত হয়। ঘটনাত বিদ্যুৎপৃষ্ট হৈ মৃত্যুক সাৱটিলে এজন প্ৰাক্তন সৈনিকে। বুবুল বৰা নামৰ ব্যক্তিজনে অৱসৰৰ পিছত গাঁৱতে এখন গোলামালৰ দোকান খুলিছিল।
নিজৰ দোকানতে আজি অসাৱধানতাৰ বাবে বিদ্যুৎপৃষ্ট হৈ মৃত্যুমুখত পৰে লোকজন। ৬৭ বছৰীয়া ব্যক্তিজনৰ আকস্মিক বিয়োগত অঞ্চলত শোকৰ ছা পৰিছে। মৃত্যুৰ সময়ত বুবুল বৰাই এজন পুত্ৰ, এগৰাকী জীয়ৰী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।