/asomiyapratidin/media/media_files/2026/03/04/11-11-24-new-2-2026-03-04-08-44-48.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ অসমীয়া জাতিৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰাণ-কেন্দ্ৰস্বৰূপ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত আয়োজিত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল-যাত্ৰা মহোৎসৱত আকাশী গংগাৰ তীৰত অৱস্থিত আই খেৰসূতি সাংস্কৃতিক মঞ্চত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এক গাম্ভীৰ্যপূৰ্ণ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে।
ভক্তিৰস আৰু আধ্যাত্মিকতাৰে পৰিপূৰ্ণ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লানজ্যোতি দেৱগোস্বামীয়ে। এই বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অশোক কুমাৰ বৰা। তেখেতে মহাপুৰুষীয়া আদৰ্শৰ মহিমা আৰু আধুনিক সমাজত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে এক সাৰুৱা ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/065289f0-193.png)
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিবিজড়িত আকাশী গংগাৰ পাৰত আয়োজিত এই অনুষ্ঠানত বিভিন্ন শিল্পীৰ দ্বাৰা পৰিৱেশিত বৰগীত,সত্ৰীয়া নৃত্য আৰু খোল বাদনে এক অনন্য আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। ​অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে বিশিষ্ট লেখক হৃষিকেশ গোস্বামীৰ দ্বাৰা স্মৃতিগ্ৰন্থ "দৌল" উন্মোচন কৰা হয়। এই পবিত্ৰ ক্ষণত অসম একশৰণ ভাগৱতী সমাজৰ প্রধান সচিব জ্যোতিপ্রসাদ দাস, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্যসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/5e7b0a47-fd8.png)
নিশাৰ ভাগত সত্ৰ মণ্ডলী বটদ্ৰৱাৰ শিল্পী বৃন্দৰ দ্বাৰা মাধৱদেৱ বিৰচিত দুটা গীত বটদ্ৰৱা মৌলিক ফাকুৱাৰ গীতৰ পৰিৱেশন শৈলীৰে উপস্থাপন কৰা হয়। শিল্পী ৰঞ্জিত মহন্তৰ পৰিচালনাৰে এই দুই ফাকুৱাৰ গীতৰ উপৰিও বটদ্ৰৱাৰ কনমানি শিল্পীৰ দ্বাৰা খোল বাদনৰ পাছত কেহুৰাম বৰাৰ পৰিচালনাত মণিকাঞ্চন কলা কেন্দ্ৰ, নগাঁওৰ শিল্পীসকলে সত্ৰীয়া নৃত্য আৰু মহাপুৰুষীয়া অংকীয়া নাট "পাৰিজাত হৰণ" অতি সুন্দৰকৈ পৰিবেশন কৰি উপস্থিত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us