/asomiyapratidin/media/media_files/2026/02/06/ythrtyr8i-hgoi-u-2026-02-06-19-42-39.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ঐতিহ্যমণ্ডিত ননৈ মহাবিদ্যালয়ৰ ৪১ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহত আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰি অধ্যক্ষ ড০ মুকুটমণি শইকীয়াই "ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ দ্বাৰা অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাসমূহত ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ বৌদ্ধিক,মানসিক তথা ক্ৰীড়াক্ষেত্ৰৰ প্ৰতিভাৰ প্ৰতিফলন কৰিব পৰে ৷ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক, শৈক্ষিক, শাৰিৰীক আদি দিশৰ উত্তৰনৰ বাবে আমি বিভিন্ন কাৰ্য্যসূচীৰে এই মহাবিদ্যালয় সপ্তাহ উদযাপন কৰা হৈছে। এই বুলি মন্তব্য প্ৰকাশ কৰিছে অধ্যক্ষ ড০ মুকুটমণি শইকীয়াই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/bju-utu-2026-02-06-19-41-56.jpeg)
জনপ্ৰিয় কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত সহযোগ কৰে আচিম আহমেদ হাজৰিকাই।
ইফালে পুৱা ৯.০০ বজাত সাংস্কৃতিক প্রতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে সমাজকৰ্মী ঘনকান্ত বৰাই। ৯.৩০ বজাৰ পৰা সমবেত সংগীত, বৰগীত, লোকগীত, জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, পার্বতি প্রসাদৰ গীত, ভূপেন হাজৰিকাৰ গীত, আধুনিক গীত, বিহুগীত, জিকিৰ আৰু জুবিন সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি আকস্মিক বক্তৃতা আৰু থিতাতে লিখা কবিতা প্রতিযোগীতাও অনুষ্ঠিত হোৱাৰ লগতে ফটোগ্ৰাফী প্ৰতিযোগিতাওঅনুষ্ঠিত হয়।
উল্লেখ্য যে, ননৈ মহাবিদ্যালয় সপ্তাহৰ আৰম্ভণি তথা ৪ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে অধ্যক্ষ ড০ মুকুটমণি শইকীয়াই। পাছত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা উলিওৱা বাৰে-ৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে বিধায়ক জিতু গোস্বামীয়ে।
অহা ৯ ফেব্ৰুৱাৰীত ননৈ মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us