বিজ্ঞান প্ৰচাৰৰ বাবে ডিজিটেল প্লেটফৰ্মৰ প্ৰয়োগ সম্পৰ্কীয় সজাগতা কাৰ্যসূচী...

বিজ্ঞানৰ পাঠদান আৰু শিক্ষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰযুক্তিৰ ওপৰতো আলোকপাত কৰে। ড০ গোস্বামীয়ে ডিজিটেল প্লেটফৰ্মে আধুনিক বিজ্ঞানৰ প্ৰচাৰ কেনেকৈ সহজ কৰি তুলিছে সেই বিষয়ে ব্যাখ্যা কৰে।

author-image
Asomiya Pratidin
New Update
1নগাঁও

ডিজিটেল সংবাদ,নগাঁও:  অসম বিজ্ঞান সমিতি, নগাঁও-কলংপাৰ শাখাৰ সহযোগত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ উদ্যোগত চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান প্ৰচাৰৰ বাবে ডিজিটেল প্লেটফৰ্মৰ প্ৰয়োগ সম্পৰ্কীয় এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। অসমৰ গাঁওসমূহত বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়কৰণ কাৰ্যসূচীৰ অধীনত অসম বিজ্ঞান সমিতিৰ পৃষ্ঠপোষকতাত এই কাৰ্যসূচী অনুষ্ঠিত হয়।

Advertisment

এই কাৰ্যসূচীৰ আঁত ধৰে অসম বিজ্ঞান সমিতি নগাঁও-কলংপাৰ শাখাৰ সভাপতি ড° ভুৱন চন্দ্ৰ চুতীয়াই। চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল গায়নে আদৰণী ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ ললিত মোহন গোস্বামীয়ে।

ড° গোস্বামীয়ে বিভিন্ন ডিজিটেল প্লেটফৰ্ম,  যিবোৰ বিজ্ঞান প্ৰচাৰৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় সেইবোৰৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰে। লগতে বিজ্ঞানৰ পাঠদান আৰু শিক্ষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰযুক্তিৰ ওপৰতো আলোকপাত কৰে। ড০ গোস্বামীয়ে ডিজিটেল প্লেটফৰ্মে আধুনিক বিজ্ঞানৰ প্ৰচাৰ কেনেকৈ সহজ কৰি তুলিছে সেই বিষয়ে ব্যাখ্যা কৰে।

শিক্ষকসকলক বিজ্ঞান প্ৰচাৰৰ বাবে ডিজিটেল প্লেটফৰ্মৰ সঁজুলি আৰু কৌশল ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। এই সজাগতা কাৰ্যসূচীত চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চুবুৰীয়া বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অসম বিজ্ঞান সমিতি, নগাঁও-কলংপাৰ শাখাৰ সদস্য আৰু ৩০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অসম বিজ্ঞান সমিতি