নগাঁও পুথিভঁৰালত প্ৰথম পূৰ্বৰংগ মহোৎসৱ অনুষ্ঠিত...

অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অসম সত্ৰ মহাসভাৰ সচিব পংকজ শইকীয়াই, বন্তি প্ৰজ্বলন কৰে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সঞ্জীৱ বৰ কাকতিয়ে।

author-image
Asomiya Pratidin
New Update
qq

ডিজিটেল সংবাদ,কামপুৰঃ  নগাঁও জিলা পুথিভঁৰালত অসম সত্ৰ মহাসভা (পৰীক্ষা পৰিষদ)ৰ সৌজন্যত আৰু মৃদংগৰ সহযোগত প্ৰথম পূৰ্বৰংগ মহোৎসৱ ২০২৫ ৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অসম সত্ৰ মহাসভাৰ সচিব পংকজ শইকীয়াই, বন্তি প্ৰজ্বলন কৰে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সঞ্জীৱ বৰ কাকতিয়ে। 

Advertisment

মৃদংগৰ পৰিচালিকা নিজৰা ডেকা বৰাই জনোৱা মতে অনুষ্ঠানত মুঠ ৯৭ গৰাকী শিল্পীয়ে কুৰিটা সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি পাঁচ শতাধিক দৰ্শকক আপ্লুত কৰে। উক্ত অনুষ্ঠান টি পৰিচালনা কৰে নগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ সংগীতা বৰাই।

অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জিত মজিমন্দাৰ, শ্ৰী মন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক জয়ন্ত মাধব তামুলীৰ লগতে কেইবাগৰাকী বিশিষ্ট আমন্ত্ৰিত ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটো সফলভাৱে সমাপ্ত হোৱাত মৃদংগৰ সঞ্চালিকা নিজৰা ডেকা বৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

অসম সত্ৰ মহাসভা