গৌৰীপুৰৰ প্ৰাক্তন কংগ্ৰেছী নেতা আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ

গৌৰীপুৰৰ প্ৰাক্তন কংগ্ৰেছী নেতা আনোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰক লৈ ধুবুৰীত তীব্ৰ চাঞ্চল্য। ২৯ জানুৱাৰীত গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ঠিকাদাৰ আনোৱাৰ হুছেইনক নগদ ৫০ লাখ টকাসহ গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ গৌৰীপুৰৰ প্ৰাক্তন কংগ্ৰেছী নেতা আনোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰক লৈ ধুবুৰীত তীব্ৰ চাঞ্চল্য। ২৯ জানুৱাৰীত গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ঠিকাদাৰ আনোৱাৰ হুছেইনক নগদ ৫০ লাখ টকাসহ গ্ৰেপ্তাৰ কৰে।  বশিষ্ঠ আৰক্ষীয়ে উক্ত অভিযানত মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। এই বিষয়ত আৰক্ষীয়ে এতিয়াও কোনো কথা স্পষ্ট কৰা নাই। 

WhatsApp Image 2026-02-03 at 4.58.58 PM

উল্লেখ্য যে, আনোৱাৰ হুছেইন প্ৰাক্তন কংগ্ৰেছী নেতা হোৱাৰ লগতে ধুবুৰীৰ বিভিন্ন ঠাইৰ মাটিৰ দালালিৰ কামতো জড়িত হৈ পৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। ৰাজ্য কঁপোৱা উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীত অভিযুক্ত আৰ এইচ খানৰ অতি ঘনিষ্ঠ  আছিল আনোৱাৰ হুছেইন।ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত হুছেইনৰ বহু সম্পত্তি আছে বুলি উঠিছে অভিযোগ। 

অভিযোগ অনুসৰি পঞ্চাশ লক্ষাধিক নগদ ধনৰ সৈতে ১ কোটি টকাৰ চেক লৈ USTM ৰ স্বত্বাধিকাৰীক দিবলৈ যোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় গৌৰীপুৰৰ প্ৰাক্তন কংগ্ৰেছী নেতা আনোৱাৰ হুছেইন । কিছুদিন পুৰ্বে USTM স্বত্বাধিকাৰী মাহবুবুল হক আহিছিল আনোৱাৰৰ ঘৰলৈ।  আনোৱাৰ হুছেইনৰ মহানগৰীৰ জালুকবাৰীত আছে ৩ বিঘা মাটি, ছয় মাইলত মাটি থকাৰ উপৰিও মহানগৰীতো  আছে ফ্লেট । ইয়াৰ লগতে ১০০ কোটিৰো অধিক টকাৰ সম্পত্তিৰগৰাকী আনোৱাৰ হুছেইন বুলিও অভিযোগ উত্থাপন হৈছে। 

WhatsApp Image 2026-02-03 at 4.58.47 PM

গৌৰীপুৰ