ধৰ্মশালা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৬ৰ সামৰণি

ধুবুৰীৰ ধৰ্মশালা মহাবিদ্যালয়ত ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগৰ লগতে ৰাৰ্ষ্ট্ৰীয় সেৱা আঁচনিৰ আঞ্চলিক কাৰ্যালয়ৰ সহযোগত শনিবাৰে ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৬ অনুষ্ঠিত হৈ যায় ।

author-image
Asomiya Pratidin
New Update
new ap web 11-1g

ডিজিটেল ডেস্কঃ  ধুবুৰীৰ ধৰ্মশালা মহাবিদ্যালয়ত ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগৰ লগতে ৰাৰ্ষ্ট্ৰীয় সেৱা আঁচনিৰ আঞ্চলিক কাৰ্যালয়ৰ সহযোগত শনিবাৰে ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৬ অনুষ্ঠিত হৈ যায় । ধুবুৰীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ মাজত “ভাৰতৰ জৰুৰী কালীন অৱস্থাৰ ৫০ বছৰ ভাৰতীয় গণতন্ত্ৰৰ পৰা লোৱা শিক্ষা”ৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। 

WhatsApp Image 2026-03-01 at 8.02.31 PM

উক্ত কাৰ্যসূচীত ৮ নং ধুবুৰী বিধান সভাৰ বিধায়ক নজৰুল হক উপস্থিত থকাৰ লগতে ধুবুৰী জিলাৰ প্ৰতিখন মহাবিদ্যালয়ৰ অধ্যক্ষ,অধ্যাপক,অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে  এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলে। ধৰ্মশালা মহাবিদ্যালয়ৰ ফালৰ পৰা অধ্যক্ষ মজিবৰ ৰহমান প্ৰধানী আৰু এন এছ এছ গোটৰ আচঁনি বিষয়া অধ্যাপক হামিদুল ইছলামৰ অশেষ চেষ্টাত উক্ত কাৰ্যসূচী সূচাৰু ৰূপে  সাফল্যমণ্ডিত হয় । ইপিনে উপস্থিত সকলোকে মহাবিদ্যালয়ৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰে।

WhatsApp Image 2026-03-01 at 8.02.30 PM

ধুবুৰী