ধুবুৰীত ইউৰিয়া সাৰৰ ছিণ্ডিকেটৰাজ

ধুবুৰীত কৃষি বিভাগৰ ছত্ৰছায়াত চলিছে ইউৰিয়া সাৰৰ ভয়ংকৰ ছিণ্ডিকেটৰাজ। ইউৰিয়া সাৰ বিচাৰি কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ ধুবুৰীত কৃষি বিভাগৰ ছত্ৰছায়াত চলিছে ইউৰিয়া সাৰৰ ভয়ংকৰ ছিণ্ডিকেটৰাজ। ইউৰিয়া সাৰ বিচাৰি কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।  চৰকাৰে ধাৰ্য কৰা প্ৰতি পেকেট(৪০ কি:গ্ৰা:) ইউৰিয়া সাৰৰ মূল্য ২৬৭ টকাৰ পৰিৱৰ্তে অত্যাধিক মূল্যত ইউৰিয়া সাৰৰ পেকেট ক্ৰয় কৰিব লগা হৈছে ধুবুৰী জিলাৰ খাটিখোৱা কৃষকে। খুচুৰা বিক্ৰেতাক বঞ্চিত কৰি ঘনিষ্ঠ এচাম সাৰৰ ডিলাৰক শ শ টন ইউৰিয়াৰ আৱন্টন। ধুবুৰী জিলা কৃষি বিভাগৰ ছত্ৰছায়াত ইউৰিয়াৰ ভয়ংকৰ ছিণ্ডিকেটৰাজৰ তথ্য পোহৰলৈ আহিছে। 

কৃষি প্ৰধান ধুবুৰী জিলাত প্ৰতি বছৰৰ দৰে কৃষকে এইবছৰো জিলাখনত হাজাৰ হাজাৰ বিঘা খেতি মাটিত ইৰি ধানৰ খেতি কৰিছে যদিও কৃষি বিভাগ আৰু কৃষি বিপনন পৰিষদৰ কৱলত পৰি নিৰ্ধাৰিত মূল্যতকৈ কৃষকসকলে অধিক দামত ইউৰিয়া ক্ৰয় কৰিব লগীয়া হৈছে। ২৬৭ টকাৰ ইউৰিয়া কৃষক সকলে অঞ্চলভেদে ৮০০ ৰ পৰা হাজাৰ টকাকৈ দামত কিনিব লগা হৈছে। ইপিনে ধুবুৰী চহৰৰ এন এছ ৰোডত থকা গোপী ষ্টোৰ নামৰ সাৰৰ ডিলাৰৰ দোকানত ইউৰিয়া সাৰ কিনিবলৈ ৰাতিপুৱাৰে পৰা কৃষকৰ লানি নিছিগা ভিৰ দেখিব পোৱা গৈছে। 

উল্লেখ্য যে, ধুবুৰীৰ কুৰিটাৰো অধিক ডাঙৰ দোকানৰ স্বত্বাধিকাৰী অৰ্থাৎ সাৰৰ ডিলাৰৰ গুদাম ঘৰত কেইবাহাজাৰ টন ইউৰিয়া মজুত কৰি জিলা খনৰ খুচুৰা ৰসায়নিক সাৰ বিক্ৰেতা সকলোক ইউৰিয়াৰ আৱন্টন বন্ধ ৰখা হৈছিল। এনে ভয়ংকৰ ছিণ্ডিকেটৰাজৰ বাবে একাংশ দোকানীক বিগত ৩০ দিনত মাত্ৰ ১৫-২০ বস্তা ইউৰিয়া আৱন্টন দিয়াৰ বিপৰীতে আন ছিণ্ডিকেটৰাজৰ ঘনিষ্ঠ দোকানী সকলোক ৭-৮ হাজাৰ বস্তাকৈ ইউৰিয়া আৱন্টন দিয়াৰ অভিযোগ উত্থাপন হৈছে। ধানৰ পথাৰত ইউৰিয়া সাৰ দিয়াৰ সময়তে জিলা খনৰ চাৰি শতাধিক খুচুৰা ৰসায়নিক সাৰ বিক্ৰেতাক বঞ্চিত কৰি দুৰ্নীতিগ্ৰস্ত কৃষি বিভাগৰ ছিণ্ডিকেট চক্ৰটোৰ ঘনিষ্ঠ দোকানী সকলক অধিক মুনাফা অৰ্জনৰ পথ মুকলি কৰি দিয়া বুলি অভিযোগ। ইপিনে ছিণ্ডিকেট চক্ৰটোৰ ইউৰিয়াৰে চলি থকা অবৈধ সাৰৰ দোকান সমূহৰ বিৰুদ্ধেও কৃষি বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি অভিযোগ ৰাইজৰ। 

ধুবুৰী