উচ্চ ন্যায়ালয়ৰ বিবাদৰ মাজতে মৰা গদাধৰ নৈৰ সমীপত অবৈধ নির্মাণ...

গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ  নিৰ্দেশ অৱমাননা কৰি ধুবুৰীৰ ডিকে ৰোডৰ কাষত থকা এডোখৰ মাটিত ব্যৱসায়ী সঞ্জয় কুমাৰ ম’ৰে চলাই থকা নিৰ্মাণ কাৰ্য আজি জিলা প্ৰশাসনে বন্ধ কৰি দিয়ে। ডোঙৰ বিলৰ নিচেই

author-image
Asomiya Pratidin
New Update
udjjdjd

ডিজিটেল সংবাদ, ধুবুৰীঃ গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ  নিৰ্দেশ অৱমাননা কৰি ধুবুৰীৰ ডিকে ৰোডৰ কাষত থকা এডোখৰ মাটিত ব্যৱসায়ী সঞ্জয় কুমাৰ ম’ৰে চলাই থকা নিৰ্মাণ কাৰ্য আজি জিলা প্ৰশাসনে বন্ধ কৰি দিয়ে। ডোঙৰ বিলৰ নিচেই ওচৰতে থকা তথা সংবেদনশীল গদাধৰ নদী অৱবাহিকাৰ ভিতৰত অৱস্থিত উক্ত ঠাই ডোখৰত ব্যৱসায়ী সঞ্জয় কুমাৰ ম’ৰে পাহাৰৰ ৰঙা মাটি পেলোৱা কে ধৰি গৃহ নিৰ্মাণৰ কাম চলাই থকা বুলি অভিযোগ উল্থাপিত হোৱাৰ পিচতে আজি ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত (ৰাজহ) কাৰ্তিক কলিতাৰ নেতৃত্বত ধুবুৰী ৰাজহ চক্ৰ বিষয়া ৰঞ্জুমণি দত্ত সহ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কৰ্ম চাৰীৰ এটি দলে উক্ত স্থানত উপস্থিত হৈ ব্যৱসায়ী সঞ্জয় কুমাৰ ম’ৰৰ মাটি ডোখৰত চলি থকা নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে।

উল্লেখ যোগ্য যে ফলিমাৰী প্ৰথম খণ্ড অঞ্চলৰ  ডোঙৰ বিলৰ সেই ঠাই খিনিত সঞ্জয় কুমাৰ ম’ৰৰ  ১ বিঘা, ২ কঠা, আৰু ১০ লেছা মাটিত  আইনী আৰু পৰিৱেশ বিবাদৰ কেন্দ্ৰবিন্দু হৈ পৰা বুলি অভিযোগ উল্থা পিত হৈছিল। ডোঙৰ বিল আৰু মৰা গদাধৰ নদীৰ অৱবাহিকা বেদখল সন্দৰ্ভত ধাৰাবাহিক সতৰ্কবাণীৰ পিচতে জিলা প্ৰশাসনে আজি কঠোৰ পদক্ষেপ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

মন কৰিব লগীয়া যে, ২০২৪ চনৰ আগষ্ট মাহত ধুবুৰী চক্ৰ বিষয়াই নিশ্চিত কৰিছিল যে এই নিৰ্দিষ্ট নদী অৱবাহিকা বেদখল সম্পৰ্কীয় এটা গোচৰ বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত বিচাৰাধীন হৈ আছে। মাটিৰ মালিকে পুনৰ কাম আৰম্ভ কৰাটোক অবৈধ পদ ক্ষেপ হিচাপে গণ্য কৰাৰ লগতে ন্যায়িক প্ৰক্ৰিয়াক বদনাম আৰু উলংঘা কৰা বুলি অভি যোগ উঠিছে। আনহাতে ধুবুৰীৰ  ৰাজহ চক্ৰ বিষয়া  ৰঞ্জুমণি দত্তই আজি উক্ত অভিযানৰ সময়ত কয় যে, "প্ৰশাসনে প্ৰাকৃতিক জলভাগ সংৰক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

আইনী আদেশ উলংঘা কৰা বা নদীৰ পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা যিকোনো নিৰ্মাণে কঠোৰ বলবৎকৰণৰ সন্মুখীন হ'ব পাৰে, এই জ'নৰ প্ৰতিষ্ঠানসমূহে মৰা গদাধৰ নদীৰ ওচৰৰ এক গুৰুত্বপূৰ্ণ জলাশয় অঞ্চল ডোঙৰ বিলৰ বাবে প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই আনিছে বুলি তেওঁ কয়। ইপিনে উচ্চ ন্যায়ালয়ৰ চূড়ান্ত ৰায় নোপোৱালৈকে বিবাদিত অঞ্চলটোত কোনো ধৰণৰ বাণিজ্যিক বা আৱাসিক কাম-কাজৰ অনুমতি দিয়া নহ’ব বুলি জিলা প্ৰশাসনৰ এটি সূত্ৰই আজি ব্যক্ত কৰিছে।

ধুবুৰী