/asomiyapratidin/media/media_files/2025/08/19/1-2025-08-19-22-03-06.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰৰ পৰা পোন প্ৰথম বাৰৰ বাবে নৱম গুৰু শ্ৰী গুৰু তেগ বাহাদুৰ চাহিবজীৰ ৩৫০ বছৰীয়া শ্বহিদী গুৰু পৰ্বৰ নগৰ কীৰ্তন উলিওৱা হ'ব। অহা ২১ আগষ্টত ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰৰ পৰা গাড়ীৰে এই নগৰ কীৰ্তনৰ যাত্ৰা আৰম্ভ হৈ পশ্চিম বংগৰ শিলিগুৰি হৈ পঞ্জাৱৰ আনন্দপুৰত উপস্থিত হ'ব।
এই উপলক্ষে পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ শিৰমণি গুৰুদ্বাৰা প্ৰৱন্ধকা কমিটীৰ সভাপতি আৰু সম্পাদক সহ মুঠ ২০০ জনীয়া শিখ ধৰ্মাৱলম্বীৰ বিশিষ্ট ব্যক্তি সকল ইতিমধ্যে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰত আহি উপস্থিত হৈছে।
অহা ২১ আগষ্টত ধুবুৰীৰ ঐতিহ্য মণ্ডিত গুৰুদ্বাৰৰ পৰা শুভাৰম্ভ হ'ব লগীয়া এই নগৰ কীৰ্তন যাত্ৰাত অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ শিৰমণি গুৰুদ্বাৰা প্ৰৱন্ধকা কমিটীৰ বিষয়-ববীয়া সকলৰ সৈতে ধুবুৰী গুৰুদ্বাৰৰ বিষয়-ববীয়া সকলো অংশ গ্ৰহণ কৰিব।
সমগ্ৰ বিশ্বৰ ভিতৰতে পোন প্ৰথম বাৰৰ বাবে ধুবুৰী গুৰুদ্বাৰৰ পৰা এই নগৰ কীৰ্তন উলিওৱা হ'ব আৰু দেশৰ ২৩ খন ৰাজ্যৰ শিখ ধৰ্মাৱলম্বী লোকে এই নগৰ কীৰ্তনত অংশ গ্ৰহণ কৰি পঞ্জাৱৰপ আনন্দপুৰত অহা ২৩ নৱেম্বৰত এই নগৰ কীৰ্তন গৈ উপস্থিত হ'ব।
আনহাতে অহা ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰ লৈকে হ'ব লগীয়া নৱম গুৰু শ্ৰী গুৰু তেগ বাহাদুৰ চাহিবজীৰ ৩৫০ তম শ্বহিদী দিৱসো আনন্দপুৰত পালন কৰা হ'ব বুলি শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সভাপতি দলজিৎ সিং শেঠীয়ে আজি সদৰী কৰে।