বিকশিত ভাৰত যুৱ সংসদ ২০২৬

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে, মঙলদৈ মহাবিদ্যালয়ৰ উদ্যোগত দৰং জিলা ভিত্তিক 'বিকশিত ভাৰত যুৱ সংসদ ২০২৬' আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
5

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে, মঙলদৈ মহাবিদ্যালয়ৰ উদ্যোগত দৰং জিলা ভিত্তিক 'বিকশিত ভাৰত যুৱ সংসদ ২০২৬' আয়োজন কৰা হৈছে।আয়োজক সমিতিৰ হৈ অধ্যক্ষ ড° কমলাকান্ত বৰাই দৰং জিলাৰ অন্তৰ্গত সকলো শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীক এই মৰ্যাদাপূৰ্ণ গণতান্ত্ৰিক অনুশীলনত অংশগ্ৰহণ কৰিবলৈ আন্তৰিক আমন্ত্ৰণ জনাইছে।

প্ৰতিযোগিতাৰ সবিশেষ অনুসৰি- 

১. বিষয়ঃ  জৰুৰী অৱস্থাৰ ৫০ বছৰ: ভাৰতীয় গণতন্ত্ৰৰ বাবে এক শিক্ষা (50 Years of Emergency: A Lesson for Indian Democracy)
২.স্থানঃ মঙলদৈ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত), মঙলদৈ, দৰং
৩.অনুষ্ঠানৰ তাৰিখঃ ২৬ ফেব্ৰুৱাৰী ২০২৬
৪.বৰ্তমানৰ স্থিতিঃ  সমগ্ৰ জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ইতিমধ্যে ১১১ গৰাকী শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে।

অংশগ্ৰহণৰ যোগ্যতা-

১.বয়সঃ ১৮ ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।

২.ঠিকনা/সংযুক্ততাঃ  দৰং জিলাৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী হ'ব লাগিব।

পঞ্জীয়নৰ তথ্য-

১.আগ্ৰহী শিক্ষাৰ্থীসকলে অতি সোনকালে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। 

২.পঞ্জীয়নৰ শেষ তাৰিখঃ  ২৪ ফেব্ৰুৱাৰী, ২০২৬

আবেদন প্ৰক্ৰিয়া দুই ধৰমেৰে কৰিব পাৰিব। সেয়া ক্ৰমে- 

১.আগ্ৰহী প্ৰাৰ্থীসকলে মঙলদৈ মহাবিদ্যালয়ৰ ন'ডেল কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে 

২. অথবা  পঞ্জীয়নৰ লিংকৰ বাবে mybharat.gov.in ৱেবছাইট চাব পাৰে।

দৰং